ক৭-ঘ

যীচুৰ জীৱনৰ বিশেষ ঘটনাবোৰ—গালীলত বৃহৎভাৱে যীচুৰ সেৱা (ভাগ ২)

সময়

ঠাই

ঘটনা

মথি

মাৰ্ক

লূক

যোহন

৩১ বা ৩২

কফৰনাহূমৰ আশে-পাশে

যীচুৱে ৰাজ্যৰ বিষয়ে উদাহৰণবোৰ দিয়ে

১৩:১-৫৩

৪:১-৩৪

৮:৪-১৮

 

গালীল সাগৰ

নাৱৰ পৰা তেওঁ ধুমুহা শান্ত কৰে

৮:১৮, ২৩-২৭

৪:৩৫-৪১

৮:২২-২৫

 

গাদাৰাৰ এলেকা

দুষ্ট স্বৰ্গদূতবিলাকক গাহৰি জাকলৈ পঠাই দিয়ে

৮:২৮-৩৪

৫:১-২০

৮:২৬-৩৯

 

হয়তো কফৰনাহূম

তিৰোতাগৰাকীৰ তেজ বোৱা বেমাৰ সুস্থ কৰে; যায়ীৰৰ ছোৱালীজনীক জীয়াই তোলে

৯:১৮-২৬

৫:২১-৪৩

৮:৪০-৫৬

 

কফৰনাহূম (?)

অন্ধ লোকক আৰু এজন বোবা মানুহক সুস্থ কৰে

৯:২৭-৩৪

     

নাচৰৎ

নিজৰ চহৰতেই আকৌ অস্বীকাৰ কৰা হয়

১৩:৫৪-৫৮

৬:১-৫

   

গালীল

গালীলৰ তৃতীয় যাত্ৰা; বৃহৎভাৱে প্ৰচাৰ কৰিবলৈ পাঁচনিসকলক পঠিয়ায়

৯:৩৫–১১:১

৬:৬-১৩

৯:১-৬

 

তিবিৰিয়া

হেৰোদে যোহনৰ মূৰ কটোৱায়; যীচুৰ কাৰণে হেৰোদে চিন্তিত হৈ পৰিল

১৪:১-১২

৬:১৪-২৯

৯:৭-৯

 

৩২, নিস্তাৰ-পৰ্বৰ আশে-পাশে (যোহ ৬:৪)

কফৰনাহূম (?); গালীল সাগৰৰ উত্তৰ-পূবত

পাঁচনিসকল প্ৰচাৰৰ পৰা উভতে; যীচুৱে ৫,০০০ জন মানুহক আহাৰ খোৱায়

১৪:১৩-২১

৬:৩০-৪৪

৯:১০-১৭

৬:১-১৩

গালীল সাগৰৰ উত্তৰ-পূবত; গিনেচৰৎ

যীচুক ৰজা পাতিবলৈ চেষ্টা কৰে; তেওঁ পানীত খোজকাঢ়িলে; বেমাৰী লোকক সুস্থ কৰিলে

১৪:২২-৩৬

৬:৪৫-৫৬

 

৬:১৪-২১

কফৰনাহূম

“জীৱন দিওঁতা আহাৰ”; বহুতো শিষ্যই উজুটি খালে, তেওঁক এৰি গুচি গʼল

     

৬:২২-৭১

৩২, নিস্তাৰ-পৰ্বৰ পাছত

হয়তো কফৰনাহূম

মানুহৰ পৰম্পৰাবোৰ পোহৰলৈ আনে

১৫:১-২০

৭:১-২৩

 

৭:১

ফৈনীকিয়া; দিকাপলি

ফৈনীকিয়াৰ তিৰোতাগৰাকীৰ ছোৱালীজনীক সুস্থ কৰে; ৪,০০০ পুৰুষক আহাৰ খোৱায়

১৫:২১-৩৮

৭:২৪–৮:৯

   

মগদন

যোনাৰ চিনৰ বাহিৰে আন কোনো চিন নিদিয়ে

১৫:৩৯–১৬:৪

৮:১০-১২