খ১

বাইবেলৰ বাৰ্তা

কেৱল যিহোৱা ঈশ্বৰৰহে শাসন কৰাৰ অধিকাৰ আছে। আৰু তেওঁ শাসন কৰা উপায়েই আটাইতকৈ উত্তম হয়। পৃথিৱী আৰু মানুহৰ বাবে তেওঁৰ উদ্দেশ্য নিশ্চয় পূৰ হʼব।

খ্ৰী.পূ. ৪০২৬ পাছত

“সাপ” অৰ্থাৎ চয়তানে প্ৰশ্ন তুলিলে যে যিহোৱাই শাসন কৰাৰ অধিকাৰ আছে নে আৰু তেওঁৰ শাসন কৰাৰ উপায় সঠিক হয় নে। যিহোৱাই প্ৰতিজ্ঞা কৰিছে যে এটা “বংশ” আহিব, যিয়ে অৱশেষত সাপক গুড়ি কৰিব। (আদিপুস্তক ৩:১-৫, ১৫) কিন্তু তেতিয়ালৈকে চয়তানৰ অধীনত থাকি নিজে শাসন কৰিবলৈ যিহোৱাই মানুহক সময় দিছে।

খ্ৰী.পূ. ১৯৪৩

যিহোৱাই অব্ৰাহামক কʼলে যে প্ৰতিজ্ঞা কৰা “বংশ” তেওঁৰ পৰাই আহিব।​—আদিপুস্তক ২২:১৮.

খ্ৰী.পূ. ১০৭০ পাছত

যিহোৱাই ৰজা দায়ূদ আৰু পাছত তেওঁৰ লʼৰা চলোমনক আশ্বাস দিলে প্ৰতিজ্ঞা কৰা “বংশ” তেওঁৰ বংশত জন্ম হʼব।​—২ চমূৱেল ৭:১২,১৬; ১ ৰাজাৱলি ৯:৩-৫; যিচয়া ৯:৬, ৭.

২৯ খ্ৰী.

যিহোৱাই প্ৰকাশ কৰিলে যে যীচুৱেই প্ৰতিজ্ঞা কৰা “বংশ” হয় আৰু দায়ূদৰ সিংহাসনৰ উত্তৰাধিকাৰী হয়।​—গালাতীয়া ৩:১৬; লূক ১:৩১-৩৩; ৩:২১, ২২.

৩৩ খ্ৰী.

সাপ অৰ্থাৎ চয়তানে যীচুক হত্যা কৰালে আৰু এইদৰে কিছু সময়ৰ কাৰণে প্ৰতিজ্ঞা কৰা “বংশ”ক আঘাত কৰিলে। যিহোৱাই যীচুক জীয়াই তুলি স্বৰ্গত জীৱন দিলে আৰু তেওঁৰ সিদ্ধ জীৱনত মূল্য গ্ৰহণ কৰিলে। এইদৰে তেওঁ আদমৰ সন্তানসকলৰ কাৰণে পাপৰ ক্ষমা আৰু অনন্ত জীৱন পোৱাৰ পথ মুকলি কৰিলে।​—আদিপুস্তক ৩:১৫; পাঁচনিৰ কৰ্ম্ম ২:৩২-৩৬; ১ কৰিন্থীয়া ১৫:২১, ২২.

১৯১৪ বা লগে লগে

যীচুৱে সাপ অৰ্থাৎ চয়তানক স্বৰ্গৰ পৰা পৃথিৱীত পেলাই দিলে আৰু অলপ সময়ৰ কাৰণে পৃথিৱীতে থাকিবলৈ তাক সীমাবদ্ধ কৰি ৰাখিছে।​—প্ৰকাশিত বাক্য ১২:৭-৯, ১২.

ভৱিষ্যতে

যীচুৱে চয়তানক ১,০০০ বছৰৰ কাৰণে বন্দী কৰিব। তাৰ পাছত তেওঁ চয়তানৰ মূৰ গুড়ি কৰিব অৰ্থাৎ সদায়ৰ কাৰণে তাক নাশ কৰিব। পৃথিৱী আৰু মানুহৰ কাৰণে যিহোৱাই আৰম্ভণিতে যি উদ্দেশ্য ৰাখিছিল, সেয়া পূৰ হʼব। যিহোৱাৰ নামৰ ওপৰত লগা কলংক আঁতৰাই দিয়া হʼব আৰু ঈশ্বৰৰ শাসন কৰাৰ উপায়েই সঠিক হয় বুলি প্ৰমাণ হʼব।​—প্ৰকাশিত বাক্য ২০:১-৩, ১০; ২১:৩, ৪.