বাইবেলে প্ৰকৃততে কি শিকায়?
এই কিতাপখনে আপোনাক কিছুমান গুৰুত্বপূৰ্ণ বিষয় যেনে আমি কিয় দুখ-কষ্ট ভুগিবলগীয়া হৈছে, মৃত্যু হʼলে আমাৰ কি হয়, আপোনাৰ পাৰিবাৰিক জীৱন কেনেকৈ সুখী কৰিব আদি বিভিন্ন বিষয় সহজে বুজিবলৈ প্ৰস্তুত কৰা হৈছে।
এইবোৰেই ঈশ্বৰৰ উদ্দেশ্য আছিল নেকি?
বৰ্তমান সময়ত আমাৰ চাৰিওফালে হৈ থকা সমস্যাবোৰ দেখি আপুনি হয়তো আচৰিত হʼব। বাইবেলে বৰ্ণনা কৰিছে যে অতি সোনকালে এই সমস্যাবোৰ সমাধান হʼব আৰু ইয়াৰপৰা আপুনি উপকৃত হʼব পাৰিব বুলি জানেনে?
এক অধ্যায়
ঈশ্বৰৰ বিষয়ে সত্যতা কি?
ঈশ্বৰে আপোনাক ব্যক্তিগতভাৱে যত্ন লয় বুলি আপুনি ভাবেনে? ঈশ্বৰৰ ব্যক্তিত্বৰ বিষয়ে আৰু কেনেকৈ তেওঁৰ কাষ চাপিব পাৰিব, তাৰ বিষয়ে আপুনি শিকক।
দুই অধ্যায়
বাইবেল—ঈশ্বৰৰপৰা এখন কিতাপ
ব্যক্তিগত সমস্যাবোৰ সমাধান কৰিবলৈ বাইবেলে আপোনাক কেনেকৈ সহায় কৰিব? আপুনি বাইবেলৰ ভৱিষ্যতবাণীবোৰত কিয় ভাৰসা কৰিব পাৰে?
তিনি অধ্যায়
পৃথিৱীৰ বাবে ঈশ্বৰৰ উদ্দেশ্য কি?
এই পৃথিৱীখনক এক সুন্দৰ প্ৰমোদবনলৈ ৰূপান্তৰ কৰাৰ ঈশ্বৰৰ যি উদ্দেশ্য, সেয়া সঁচাকৈ পূৰ হʼবনে? যদি হʼব, তেনেহʼলে কেতিয়া?
চাৰি অধ্যায়
যীচু খ্ৰীষ্ট কোন হয়?
যীচু কিয় প্ৰতিজ্ঞা কৰা মচীহ হয়, তেওঁ কʼৰপৰা আহিছিল আৰু তেওঁক কিয় যিহোৱা ঈশ্বৰৰ একমাত্ৰ পুত্ৰ বুলি কোৱা হয়, ইয়াৰ বিষয়ে শিকক।
ছয় অধ্যায়
মৃত লোকসকল কʼত আছে?
মৃত লোকসকল কʼত আছে আৰু মানুহৰ কিয় মৃত্যু হয়, তাৰ বিষয়ে বাইবেলে কি বৰ্ণনা কৰিছে শিকক।
সাত অধ্যায়
মৃত্যুৰ টোপনিত থকা আপোনাৰ আপোন লোকসকলৰ বাবে আশা
আপোনাৰ কোনো আপোনজনাক মৃত্যুত হেৰুৱাইছে নেকি? তেওঁলোকক পুনৰ দেখা পোৱাটো সম্ভৱনে? পুনৰুত্থানৰ বিষয়ে বাইবেলে কি বৰ্ণনা কৰিছে, তাৰ বিষয়ে শিকক।
আঠ অধ্যায়
ঈশ্বৰৰ ৰাজ্য কি হয়?
বহুতোলোকে প্ৰভুৰ প্ৰাৰ্থনাৰ বিষয়ে পৰিচিত। “তোমাৰ ৰাজ্য হওক” এই বাক্যশাৰীৰ অৰ্থ কি?
ন অধ্যায়
আমি “শেষ-কালত” জীয়াই আছোঁ নেকি?
বাইবেলে কৰা ভৱিষ্যতবাণী অনুসৰি আমাৰ চাৰিওফালে হৈ থকা ঘটনাবোৰ আৰু লোকসকলৰ আচৰণে প্ৰমাণ কৰে যে আমি “শেষ-কালত” জীয়াই আছোঁ।
দহ অধ্যায়
আত্মিক প্ৰাণীবোৰে আমাক কেনেকৈ প্ৰভাৱিত কৰে
বাইবেলে স্বৰ্গদূত আৰু ভূতবোৰৰ বিষয়ে বৰ্ণনা কৰিছে। সঁচাকৈ দুষ্ট আত্মিক প্ৰাণীবোৰ আছেনে? তেওঁলোকে আপোনাক প্ৰভাৱিত কৰিব পাৰেনে?
এঘাৰ অধ্যায়
ঈশ্বৰে দুখ-কষ্টৰ কিয় অনুমতি দিছে?
পৃথিৱীত হৈ থকা সকলো দুখ-কষ্টৰ কাৰণ ঈশ্বৰ হয় বুলি বহুতোলোকে ভাবে। আপুনি কি ভাবে? দুখ-কষ্টৰ সন্মুখীন হোৱাৰ প্ৰকৃত কাৰণ ঈশ্বৰে কি কৈছে, তাৰ বিষয়ে শিকক।
বাৰ অধ্যায়
ঈশ্বৰক আনন্দিত কৰিব পৰাকৈ জীৱন অতিবাহিত কৰক
যিহোৱা ঈশ্বৰক আনন্দিত কৰিব পৰা জীৱন অতিবাহিত কৰাটো সম্ভৱ। আপুনিও তেওঁৰ বন্ধু হʼব পাৰে।
তেৰ অধ্যায়
জীৱনৰ প্ৰতি ঈশ্বৰৰ দৃষ্টিকোণ ৰাখক
গৰ্ভপাত, তেজ সঞ্চাৰণ আৰু জীৱ-জন্তুৰ জীৱনৰ প্ৰতি ঈশ্বৰৰ দৃষ্টিভংগী কি?
চৈধ্য অধ্যায়
আপোনাৰ পাৰিবাৰিক জীৱন কেনেকৈ সুখী কৰিব
স্বামী, পত্নী, পিতৃ-মাতৃ আৰু লʼৰা-ছোৱালীয়ে যীচুৱে দেখুৱা প্ৰেমৰ উদাহৰণক অনুকৰণ কৰা উচিত। আমি তেওঁৰপৰা কি শিকিব পাৰোঁ?
পোন্ধৰ অধ্যায়
ঈশ্বৰে গ্ৰহণ কৰা উপাসনা
সত্য ধৰ্ম পালন কৰা লোকসকলক চিনাক্ত কৰিবলৈ ছটা বৈশিষ্যৰ বিষয়ে বিবেচনা কৰক।
ষোল অধ্যায়
সত্য উপাসনা কৰিবলৈ সিদ্ধান্ত লওক
আনৰ আগত নিজৰ বিশ্বাস বৰ্ণনা কৰাৰ সময়ত আপুনি কেনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছে? তেওঁলোকৰ হৃদয়ত আঘাত নিদিয়াকৈ আপুনি কেনেকৈ বৰ্ণনা কৰিব?
সোতৰ অধ্যায়
প্ৰাৰ্থনাৰ যোগেদি ঈশ্বৰৰ কাষ চাপক
আপুনি প্ৰাৰ্থনা কৰাৰ সময়ত ঈশ্বৰে শুনেনে? ইয়াৰ উত্তৰ পাবলৈ হʼলে, বাইবেলে প্ৰাৰ্থনাৰ বিষয়ে কি কৈছে তাৰ বিষয়ে জনা উচিত।
ওঠৰ অধ্যায়
বাপ্তিষ্মা আৰু ঈশ্বৰৰ লগত আপোনাৰ সম্পৰ্ক
বাপ্তিষ্মাৰ বাবে যোগ্য হʼবলৈ আপুনি কি কি পদক্ষেপ লোৱাৰ প্ৰয়োজন আছে? বাপ্তিষ্মাই কি চিত্ৰিত কৰে আৰু ইয়াক কেনেকৈ প্ৰকাশ কৰিব পৰা যায়, তাৰ বিষয়ে শিকক
ঊনৈশ অধ্যায়
ঈশ্বৰৰ প্ৰেমত থাকক
ঈশ্বৰে কৰা সকলো কাৰ্য্যৰ প্ৰতি আমি কেনেকৈ প্ৰেম আৰু কৃতজ্ঞতা দেখুৱাব পাৰোঁ?
অতিৰিক্ত লেখ
ঈশ্বৰৰ নাম—ইয়াৰ ব্যৱহাৰ আৰু অৰ্থ
বাইবেলৰ বহুতো অনুবাদত ঈশ্বৰৰ ব্যক্তিগত নাম উল্লেখ কৰা নাই। কিয় বাৰু? ঈশ্বৰৰ নাম ব্যৱহাৰ কৰাটো গুৰুত্বপূৰ্ণ নে?
অতিৰিক্ত লেখ
দানিয়েলৰ ভৱিষ্যতবাণীত মচীহৰ আগমনৰ বিষয়ে কেনেকৈ বৰ্ণনা কৰা হৈছে
৫০০ বছৰ পূৰ্বে ঈশ্বৰে মচীহৰ আগমনৰ সঠিক সময় বৰ্ণনা কৰিছিল। এই আচৰিত ভৱিষ্যতবাণীৰ বিষয়ে শিকক!
অতিৰিক্ত লেখ
যীচু খ্ৰীষ্ট—প্ৰতিজ্ঞা কৰা মচীহ
বাইবেলত মচীহৰ বিষয়ে কৰা সকলো ভৱিষ্যতবাণী যীচুত পূৰ্ণ হʼল। এই ভৱিষ্যতবাণীবোৰ কেনেকৈ বিতংভাৱে পূৰ্ণ হৈছে, তাৰ বিষয়ে আপোনাৰ নিজৰ বাইবেলত পৰীক্ষা কৰক
অতিৰিক্ত লেখ
পিতা, পুত্ৰ আৰু পবিত্ৰ আত্মাৰ বিষয়ে সত্যতা
বহুতোলোকে বিশ্বাস কৰে যে ত্ৰিয়কৰ শিক্ষা বাইবেলত পোৱা যায়। এইটো সত্যনে?
অতিৰিক্ত লেখ
সত্য খ্ৰীষ্টানসকলে উপাসনাত ক্ৰুচ ব্যৱহাৰ কৰা উচিতনে?
প্ৰকৃততে এডাল ক্ৰুচত যীচুৰ মৃত্যু হৈছিলনে? বাইবেলৰপৰাই ইয়াৰ উত্তৰ বিচাৰক।
অতিৰিক্ত লেখ
প্ৰভুৰ ভোজ—এই উৎসৱে ঈশ্বৰলৈ সন্মান কঢ়িয়াই আনে
সত্য খ্ৰীষ্টানসকলক প্ৰভুৰ ভোজ পালন কৰিবলৈ আজ্ঞা দিয়া হৈছিল। প্ৰভুৰ ভোজ কেতিয়া আৰু কেনেকৈ পালন কৰা উচিত?
অতিৰিক্ত লেখ
মানৱৰ শৰীৰৰ ভিতৰত আত্মা বুলি কিবা আছে নেকি?
বহুতোলোকে বিশ্বাস কৰে যে এজন ব্যক্তিৰ মৃত্যুৰ পাছত এক অদৃশ্য বস্তু শৰীৰ ত্যাগ কৰে আৰু জীয়াই থাকে। ইয়াৰ বিষয়ে ঈশ্বৰৰ বাক্যই আমাক কি কয়?
অতিৰিক্ত লেখ
চিয়োল আৰু হেডীজ্ কি হয়?
কিছুমান বাইবেল অনুবাদকে চিয়োল আৰু হেডীজ্ৰ বাবে “মৈদাম” বা “নৰক” শব্দ ব্যৱহাৰ কৰিছে। এই শব্দবোৰৰ প্ৰকৃত অৰ্থ কি?
অতিৰিক্ত লেখ
মহা-বিচাৰৰ দিন—কি হয়?
মহা-বিচাৰৰ দিনে কেনেকৈ মানৱজাতিৰ বাবে আশীৰ্বাদ কঢ়িয়াই আনিব, তাৰ বিষয়ে শিকক।
অতিৰিক্ত লেখ
বাইবেলত কৰা ভৱিষ্যতবাণীৰ এক গুৰুত্বপূৰ্ণ বছৰ—১৯১৪ চন
১৯১৪ চন যে এক গুৰুত্বপূৰ্ণ বছৰ হয়, তাৰ বিষয়ে বাইবেলত কি প্ৰমাণ পোৱা যায়?
অতিৰিক্ত লেখ
প্ৰধান স্বৰ্গদূত মীখায়েল কোন হয়?
বাইবেলে এই শক্তিশালী স্বৰ্গদূতজনৰ পৰিচয় দিয়ে। বৰ্তমান সময়ত তেওঁ কি কৰি আছে, তাৰ বিষয়ে বেছিকৈ শিকক।
অতিৰিক্ত লেখ
‘মহা-বাবিলক’ চিনাক্ত কৰক
প্ৰকাশিত বাক্য কিতাপখনে সেই তিৰোতা গৰাকীক “মহা-বাবিল” বুলি বৰ্ণনা কৰিছে। প্ৰকৃততে তাই এগৰাকী হাড়-মঙহৰ তিৰোতা নেকি? বাইবেলে তাইৰ বিষয়ে কি বৰ্ণনা কৰিছে?
অতিৰিক্ত লেখ
যীচু খ্ৰীষ্টৰ জন্ম ডিচেম্বৰ মাহত হৈছিল নেকি?
যীচুৰ জন্মৰ সময়ত বৈৎলেহমৰ জলবায়ু কেনে আছিল, তাৰ বিষয়ে বিবেচনা কৰক। এইবোৰে কি প্ৰমাণ কৰে?
অতিৰিক্ত লেখ
আমি উৎসৱ পালন কৰা উচিতনে?
আপুনি বাস কৰা ঠাইৰ কিছুমান জনপ্ৰিয় বন্ধৰ দিনৰ আৰম্ভণি কʼৰপৰা হʼল? ইয়াৰ উত্তৰে হয়তো আপোনাক আচৰিত কৰি তুলিব।

