পতি-পত্নীসকলৰ বাবে
২: একেলগে মিলি কাম কৰা
ইয়াৰ অৰ্থ কি?
যিসকল পতি-পত্নীয়ে একেলগে মিলি কাম কৰে, তেওঁলোকে সমস্যা আহিলে অকলে সমাধান কৰাৰ পৰিৱৰ্তে দুয়োজনে মিলি সমস্যাটো সমাধান কৰে। তেওঁলোক প্লেনৰ পাইলট আৰু সহযোগী পাইলটৰ দৰে হয়।
পবিত্ৰ শাস্ত্ৰৰ পৰামৰ্শ: “তেওঁলোক এতিয়া দুজন নহয়, কিন্তু একদেহ হয়।”—মথি ১৯:৬.
“বিবাহিত জীৱনক সুখী কৰি ৰখাটো কেৱল এজন সংগীৰ ওপৰত নিৰ্ভৰ নকৰে। এয়া দুচকীয়া বাহনৰ দৰে হয়।”—খ্ৰীষ্টফাৰ।
এয়া কিয় গুৰুত্বপূৰ্ণ?
সমস্যা আহিলে যদি পতি-পত্নীয়ে একেলগে মিলি সমস্যাটো সমাধান নকৰে, তেনেহʼলে তেওঁলোকে এজনে-আনজনক দোষ দিব পাৰে আৰু সৰু সৰু কথাবোৰ ডাঙৰ হৈ পৰিব পাৰে।
“পতি-পত্নীয়ে একেলগে মিলি কাম কৰাটো অতি গুৰুত্বপূৰ্ণ। যদি মই আৰু মোৰ স্বামীয়ে একেলগে মিলি কাম নকৰোঁ, তেনেহʼলে আমি বিবাহিত সংগী নহওঁ, ইয়াৰ পৰিৱৰ্তে একেখন ঘৰতে থকা অচিনাকী লোকৰ দৰে হʼম।”—আলেকজেণ্ড্ৰা।
আপুনি কি কৰিব পাৰে?
নিজকে সোধক
-
মোৰ দৰমহাৰ ওপৰত কেৱল মোৰ অধিকাৰ আছে বুলি মই ভাবোঁ নে?
-
শান্তি পাবলৈ মই নিজৰ সংগীৰ পৰা দূৰত যাবলগীয়া হয় নে?
-
মোৰ সংগীয়ে নিজৰ পৰিয়ালৰ লোকসকলৰ লগত সংগতি কৰি ভাল পায়, কিন্তু মই তেওঁলোকৰ লগত সংগতি কৰিবলৈ বেয়া পাওঁ নে?
নিজৰ সংগীৰ লগত এই বিষয়ে কথা পাতক
-
আমি কি কি ক্ষেত্ৰত একেলগে মিলি কাম কৰোঁ?
-
আমি কি কি ক্ষেত্ৰত শুধৰণি কৰাৰ প্ৰয়োজন আছে?
-
একেলগে মিলি কাম কৰিবলৈ আমি কি কৰিব লাগিব?
এই উপায়বোৰ ব্যৱহাৰ কৰক
-
ধৰি লওক, আপুনি আৰু আপোনাৰ সংগীয়ে টেনিচ খেলি আছে। যদি আপোনালোকে বেলেগ বেলেগ টিমত খেলি আছে, তেনেহʼলে আপোনালোকে এজনে-আনজনক হৰুৱাবলৈ চেষ্টা কৰিব। আনহাতে, আপোনাৰ সংগীয়ে যদি আপোনাৰ টিমত আহি যায়, তেনেহʼলে আপোনালোক দুয়োজনে মিলি জিকিবলৈ চেষ্টা কৰিব।
-
সেইবাবে, কোনো সমস্যা আহিলে এইদৰে নাভাবিব, “মই কেনেকৈ জিকিম?” ইয়াৰ পৰিৱৰ্তে এইদৰে চিন্তা কৰক, “আমি কেনেকৈ জিকিম?”
“কাৰ ভুল সেয়া চিন্তা নকৰিব। ইয়াৰ পৰিৱৰ্তে আপোনালোকৰ দুয়োজনৰ মাজত শান্তি আৰু একতা থকাটোহে গুৰুত্বপূৰ্ণ।”—ইথন।
পবিত্ৰ শাস্ত্ৰৰ পৰামৰ্শ: “প্ৰতিজনে কেৱল নিজৰ বিষয়ে চিন্তা নকৰক, ইয়াৰ পৰিৱৰ্তে আনৰ বিষয়েও চিন্তা কৰক।”—ফিলিপীয়া ২:৩, ৪.

