অসমীয়া
সুখী পৰিয়াল—একেলগে থকাৰ সংকল্প
https://cms-imgp.jw-cdn.org/img/p/102018045/univ/art/102018045_univ_sqr_xl.jpg
g18 নং ২ পৃষ্ঠা ৪

একেলগে থকাৰ সংকল্প লংগৰৰ দৰে হয়, যিয়ে ধুমুহাৰ নিচিনা সমস্যাৰ সময়ত আপোনালোকৰ সম্পৰ্কক চম্ভালি ৰাখিব

পতি-পত্নীসকলৰ বাবে

১: একেলগে থকাৰ সংকল্প

১: একেলগে থকাৰ সংকল্প

ইয়াৰ অৰ্থ কি?

যিসকল পতি-পত্নীয়ে একেলগে থকাৰ সংকল্প ৰাখে, তেওঁলোকে বিবাহক গোটেই জীৱনৰ বান্ধোন বুলি ভাবে। তেওঁলোকে ভৰসা ৰাখে যে তেওঁলোকে সদায় এজনে-আনজনৰ হৈ থাকিব। দুয়োজনৰে সম্পূৰ্ণ বিশ্বাস থাকে যে সমস্যা আহিলেও তেওঁৰ সংগীয়ে তেওঁক কেতিয়াও নেৰিব।

কিছুমান পতি-পত্নীয়ে বাধ্যত পৰি এই বান্ধোনত থাকে। তেওঁলোকে সমাজ আৰু সম্বন্ধীয় লোকসকলক ভয় কৰি এই বান্ধোনত থাকে। কিন্তু তেওঁলোকে যদি বাধ্যত পৰি একেলগে থকাৰ পৰিৱৰ্তে প্ৰেম আৰু আদৰৰ বাবে থাকে, তেনেহʼলে কিমান ভাল হʼব!

পবিত্ৰ শাস্ত্ৰৰ পৰামৰ্শ: “এজন স্বামীয়ে নিজৰ পত্নীক এৰি দিয়া উচিত নহয়।”—১ কৰিন্থীয়া ৭:১১.

“একেলগে থকাৰ সংকল্প থাকিলে, আপুনি নিজৰ সংগীৰ কোনো কথাত বেয়া নাপাব আৰু লগে লগে তেওঁক ক্ষমা কৰি দিব। যদি আপোনাৰ পৰা কিবা ভুল হয়, তেনেহʼলে লগে লগে তেওঁৰ পৰা ক্ষমা খুজিব। সমস্যা আহিলে আপুনি নিজৰ সংগীক এৰি দিয়াৰ পৰিৱৰ্তে সেই সমস্যাটো সমাধান কৰিব।”—মাইকা।

এয়া কিয় গুৰুত্বপূৰ্ণ?

যি পতি-পত্নীৰ একেলগে থকাৰ সংকল্প দৃঢ় নহয়, তেওঁলোকে হয়তো সমস্যা অহাৰ সময়ত ভাবিব যে ‘মই হয়তো ভাল সংগী বাছনি কৰাত ভুল কৰিলোঁ’ আৰু তেওঁক এৰি দিয়াৰ সুযোগ বিচাৰি থাকিব।

“কিছুমান লোকে আগতীয়াকৈ এয়া ভাবি বিয়া পাতে যে যদি তেওঁলোকৰ জীৱনত সমস্যা আহে বা তেওঁলোকৰ মতামত মিল নাখায়, তেনেহʼলে তেওঁলোকে তালাক লʼব। যদি তেওঁলোকে বিয়াৰ সময়তেই তালাকৰ কথা ভাবে, তেনেহʼলে তেওঁলোকৰ এই বান্ধোন কেনেকৈ মজবুত হʼব পাৰে?”—জীন।

আপুনি কি কৰিব পাৰে?

নিজকে সোধক

যেতিয়া আপোনালোকৰ মাজত কাজিয়া হয়, তেতিয়া . . .

  • মই তেওঁক কিয় বিয়া পাতিলোঁ বুলি আপুনি ভাবে নে?

  • আপুনি আন কাৰোবাৰ লগত সময় অতিবাহিত কৰাৰ কথা ভাবে নে?

  • আপুনি নিজৰ সংগীক এইদৰে কয় নে, “এতিয়া মই তোমাৰ লগত আৰু থাকিব নোৱাৰোঁ” বা “মই এনে সংগী বিচাৰিম, যিয়ে মোক ভালদৰে বুজিব”?

যদি আপুনি এই প্ৰশ্নবোৰৰ মাজৰ এটাৰো উত্তৰ “হয়” বুলি দিছে, তেনেহʼলে ইয়াৰ অৰ্থ হৈছে আপোনাৰ বিয়াৰ বান্ধোন দুৰ্বল হৈ পৰিছে আৰু আপুনি তাক লগে লগে মজবুত কৰাৰ প্ৰয়োজন আছে।

নিজৰ সংগীৰ লগত এই বিষয়ে কথা পাতক

  • একেলগে থকাৰ আমাৰ সংকল্প দুৰ্বল হৈ পৰিছে নেকি? যদি হৈছে, তেনেহʼলে কিয়?

  • আমি নিজৰ সংকল্প মজবুত কৰিবলৈ কি কি কৰিব পাৰোঁ?

এই উপায়বোৰ ব্যৱহাৰ কৰক

  • নিজৰ প্ৰেম প্ৰকাশ কৰিবলৈ কেতিয়াবা কেতিয়াবা নিজৰ সংগীৰ বাবে সৰু সৰু নোট লিখক আৰু তেওঁক দিয়ক

  • কামৰ ঠাইত টেবুলত বা পাৰ্চত নিজৰ সংগীৰ ফটো ৰাখক

  • যেতিয়া আপুনি কামৰ ঠাইত থাকে বা সংগীৰ পৰা দূৰত থাকে, তেতিয়া প্ৰতিদিনে তেওঁলৈ ফোন বা মেছেজ কৰক

পবিত্ৰ শাস্ত্ৰৰ পৰামৰ্শ: “ঈশ্বৰে যাক এটা বান্ধোনত বান্ধিছে, তাক কোনো মানুহে পৃথক নকৰক।”—মথি ১৯:৬.