ঈশ্বৰে আপোনাৰ বিষয়ে চিন্তা কৰে, এয়া জানিলে আপোনাৰ কেনেকৈ লাভ হʼব?
ঈশ্বৰে আমাৰ শৰীৰক এনেদৰে সৃষ্টি কৰিছে যে ইয়াৰ নিজে নিজে ঠিক কৰাৰ আচৰিত ক্ষমতা আছে। কেতিয়াবা যদি আমাৰ শৰীৰৰ কোনোবা ঠাইত কাটি যায়, চাল উলাই বা ফোটা হৈ যায়, তেতিয়া “গোটেই শৰীৰত এনে এটা জটিল প্ৰক্ৰিয়া আৰম্ভ হয় যাৰ পৰা ঘাঁটো নিজে নিজে ভাল হৈ যায়, যদিও সেই ঘাঁটো সৰুৱে হওক বা ডাঙৰ।” (জন্স হপকিন্স চিকিৎসা) শৰীৰত লগে লগে এনে এটা প্ৰক্ৰিয়া আৰম্ভ হৈ যায়, যাৰ বাবে তেজ বʼবলৈ বন্ধ হৈ যায়, ঘাঁ ভাল হʼবলৈ ধৰে আৰু পেশীবোৰ মজবুত হৈ যায়।
চিন্তা কৰক: যদি ঈশ্বৰে আমাৰ শৰীৰক এনেদৰে সৃষ্টি কৰিছে যে ঘাঁ নিজে নিজে ভাল হৈ যায়, তেনেহʼলে তেওঁ আমাৰ মনৰ ঘাঁ ভাল কৰিব বুলি আমি ভৰসা কৰিব নোৱাৰোঁ নে? নিশ্চয় ভৰসা কৰিব পাৰোঁ। তেওঁ কেৱল বৰ্তমান সময়তে নহয়, ভৱিষ্যতেও আমাৰ ঘাঁ ভাল কৰিবলৈ সহায় কৰিম বুলি প্ৰতিজ্ঞা কৰিছে। শাস্ত্ৰত লিখা আছে, “তেওঁ ভগ্ন-চিত্তীয়াবিলাকক সুস্থ কৰে, তেওঁ সিবিলাকৰ ঘাঁ বান্ধে।” (গীতমালা ১৪৭:৩) যদি আপুনি কোনো হতাশাৰ মাজেদি পাৰ হৈ আছে বা কিবা কাৰণৰ বাবে নিৰাশাত আছে, তেনেহʼলে আপুনি কিয় বিশ্বাস ৰাখিব পাৰে যে যিহোৱাই আপোনাক এই দুখৰ পৰা ওলাই আহিবলৈ সহায় কৰিব?
ঈশ্বৰৰ প্ৰেমৰ বিষয়ে পবিত্ৰ শাস্ত্ৰ বাইবেলত কি লিখা আছে?
ঈশ্বৰে কৈছে, “তুমি ভয় নকৰিবা, কিয়নো মই তোমাৰ লগতে আছোঁ; ব্যাকুল নহবা, কিয়নো মই তোমাৰেই ঈশ্বৰ; মই তোমাক শক্তি দিম, তোমাক সহায়ো দিম।” (যিচয়া ৪১:১০) যেতিয়া আমাৰ অনুভৱ হʼব যে যিহোৱাই আমাৰ বিষয়ে চিন্তা কৰে, তেতিয়া আমি মনৰ শান্তি আৰু সমস্যাৰ লগত যুঁজিবলৈ শক্তি পাম। এনেধৰণৰ শান্তিক ‘ঈশ্বৰৰ শান্তি’ বুলি কোৱা হৈছে, ‘যি আমি বুজিব নোৱাৰোঁ।’ ঈশ্বৰৰ এজন সেৱক পৌলে কৈছে, “যিজনে মোক শক্তি দিয়ে, তেওঁৰ যোগেদিয়েই মই সকলো কৰিবলৈ শক্তি পাওঁ।”—ফিলিপীয়া ৪:৪-৭, ৯, ১৩.
শাস্ত্ৰ পঢ়িলে আমাৰ বিশ্বাস হয় যে যিহোৱাই মানুহক যি প্ৰতিজ্ঞা কৰিছে, সেয়া তেওঁ নিশ্চয় পূৰ কৰিব। যেনে, প্ৰকাশিত বাক্য ২১:৪, ৫ পদত লিখা আছে যে তেওঁ ভৱিষ্যতে কি কৰিব আৰু তেওঁ এইদৰে কৰিব বুলি আমি কিয় বিশ্বাস ৰাখিব পাৰোঁ।
-
যিহোৱাই আমাৰ “আটাই চকুপানী মচি দিব।” তেওঁ আমাৰ সকলো দুখ আৰু চিন্তা শেষ কৰি দিব। তেওঁ আমাৰ সেই দুখবোৰো শেষ কৰি দিব, যি আনে বুজিব নোৱাৰে।
-
সকলো সৃষ্টিৰ ওপৰত শাসন কৰোঁতা সৰ্বশক্তিমান ঈশ্বৰ যিহোৱাই স্বৰ্গত নিজৰ “সিংহাসনত বহি” আছে। তেওঁ নিজৰ শক্তি আৰু অধিকাৰ ব্যৱহাৰ কৰি আমাৰ সকলো দুখ-কষ্ট শেষ কৰি দিব আৰু আমাক সহায় কৰিব।
-
যিহোৱাই আমাক গেৰেন্টি দিছে যে তেওঁৰ প্ৰতিজ্ঞা “ভৰসাযোগ্য আৰু সত্য হয়।” তেওঁ যিকোনো পৰিস্থিতিত নিজৰ প্ৰতিজ্ঞা পূৰ কৰিব।
‘ঈশ্বৰে তেওঁলোকৰ আটাই চকুপানী মচি দিব আৰু মৃত্যু নহʼব, শোক বা ক্ৰন্দন বা বেদনাও নাথাকিব। আগৰ বিষয়বোৰ শেষ হʼল। আৰু ঈশ্বৰে, যিজন সিংহাসনত বহি আছিল, কʼলে,“চোৱা! মই সকলো নতুন কৰি আছোঁ।” তেওঁ এয়াও কʼলে,“এইবোৰ কথা লিখি লোৱা, কিয়নো এইবোৰ ভৰসাযোগ্য আৰু সত্য হয়।”’—প্ৰকাশিত বাক্য ২১:৪, ৫.
সৃষ্টিৰ ওপৰত মন কৰিলে আৰু বাইবেল পঢ়িলে আমি ঈশ্বৰৰ গুণবোৰৰ বিষয়ে জানিব পাৰোঁ। সৃষ্টিয়ে কথা কʼব নোৱাৰে, তথাপিও যিহোৱাক জানিবলৈ আৰু তেওঁৰ লগত বন্ধুত্ব কৰিবলৈ ইয়ে আমাক উৎসাহিত কৰে। বাইবেলতো এয়াই লিখা আছে, “ঈশ্বৰৰ কাষ চাপা আৰু তেওঁ তোমালোকৰ কাষ চাপিব।” (যাকোব ৪:৮) বাইবেলত লিখা আছে যে ঈশ্বৰ “আমাৰ কাৰোৰে পৰা দূৰ নহয়।”—পাঁচনিৰ কৰ্ম্ম ১৭:২৭.
যদি আপুনি যিহোৱাক জানে, তেনেহʼলে আপোনাৰ ভৰসা হʼব যে ‘আপোনাৰ কাৰণে তেওঁ চিন্তা কৰে।’ (১ পিতৰ ৫:৭) কিন্তু প্ৰশ্ন হয় যে যিহোৱাৰ ওপৰত ভৰসা কৰিলে আপোনাৰ কি লাভ হʼব?
জাপানত থকা টʼৰুৰ উদাহৰণলৈ মন কৰক। টʼৰুৰ মাকে সৰুৰে পৰা তেওঁক বাইবেলৰ অনুসৰি জীৱন-যাপন কৰিবলৈ শিকাইছিল। তথাপিও তেওঁ জাপানৰ মাফিয়াৰ লগত জড়িত হʼল, যাক ইয়াকোজা বুলি কোৱা হয়। তেওঁ কৈছে, “ঈশ্বৰে মোক ভাল নাপাই বুলি মই ভাবিছিলোঁ। যেতিয়া মোৰ কিছুমান লগৰ আৰু সম্বন্ধীয় লোকৰ মৃত্যু হʼল, যিসকল মোৰ বহুত আপোন আছিল, তেতিয়া মই ভাবিছিলোঁ যে ঈশ্বৰে মোক শাস্তি দি আছে।” টʼৰুৱে কয় যে হিংসাৰে ভৰা পৰিৱেশত থকাৰ বাবে তেওঁ নিজেও “নিষ্ঠুৰ আৰু নিৰ্দয়ী” হৈ পৰিছিল। তেওঁ কৈছে মৰাৰ আগতে কোনো বিখ্যাত গুণ্ডাক মাৰি নাম অৰ্জন কৰা আৰু ডেকা বয়সতে মৰি যোৱাটো মোৰ সপোন আছিল।
পাছত টʼৰু আৰু তেওঁৰ পত্নী হেনাই বাইবেল পঢ়িবলৈ ধৰিলে। টʼৰুৱে নিজৰ চিন্তাধাৰা আৰু জীৱন-যাপন কৰাৰ পদ্ধতি সম্পূৰ্ণৰূপে সলনি কৰিলে। হেনাই কয়, “মোৰ স্বামী সলনি হোৱাটো মই নিজ চকুৰে চাব পাৰিলোঁ।” আজি টʼৰুৱে সম্পূৰ্ণ বিশ্বাসেৰে কয় “এজন ঈশ্বৰ আছে, যিজনে আমাৰ সকলোৰে বিষয়ে চিন্তা কৰে আৰু তেওঁ কাৰো মৃত্যু হোৱাটো নিবিচাৰে। যদি আমি আমাৰ ভুল স্বীকাৰ কৰোঁ আৰু অনুতাপ কৰোঁ, তেনেহʼলে তেওঁ আনন্দেৰে আমাক ক্ষমা কৰে। আমি আমাৰ মনৰ সকলো কথা তেওঁক জনাব পাৰোঁ, যি আমি আনক জনাব নোৱাৰোঁ আৰু আমাৰ ভাৱনাবোৰ যি আনে বুজিব নোৱাৰে, সেয়া তেওঁ বুজি পায়। অতি সোনকালে এনে সময় আহি আছে যেতিয়া তেওঁ আমাৰ সকলো সমস্যা আৰু দুখ-কষ্ট শেষ কৰি দিব। আজিও আমি আশা কৰাতকৈ বেছি তেওঁ আমাক সহায় কৰে। তেওঁ আমাৰ বিষয়ে চিন্তা কৰে আৰু যেতিয়া আমি অন্তৰৰ পৰা ভাঙি পৰোঁ, তেতিয়া আমাক চম্ভালে।”—গীতমালা ১৩৬:২৩.
টʼৰুৰ উদাহৰণৰ পৰা আমি কি শিকিব পাৰোঁ? ঈশ্বৰৰ ওচৰত সকলো দুখ-কষ্ট শেষ কৰাৰ শক্তি আছে আৰু অতি সোনকালে তেওঁ এইদৰে কৰিব। এই কথা এজন ব্যক্তিয়ে গʼম পালে তেওঁৰ জীৱন সলনি হʼব পাৰে। তেওঁ আশা লাভ কৰে যে ভৱিষ্যতে তেওঁ এক আনন্দময় জীৱন লাভ কৰিব আৰু আজিও ভালদৰে জীৱন-যাপন কৰিব পাৰিব। যেতিয়া আপোনাৰ অনুভৱ হʼব যে ঈশ্বৰে আপোনাৰ বিষয়ে চিন্তা কৰে, তেতিয়া দুখ-কষ্টৰে ভৰা এই পৃথিৱীতো আপুনি আনন্দত থাকিব পাৰিব।

