অসমীয়া
“ঈশ্বৰে এইদৰে কিয় হʼবলৈ দিলে?”
https://cms-imgp.jw-cdn.org/img/p/2018165/univ/art/2018165_univ_sqr_xl.jpg
wp18 নং ৩ পৃষ্ঠা ৩

“ঈশ্বৰে এইদৰে কিয় হʼবলৈ দিলে?”

“ঈশ্বৰে এইদৰে কিয় হʼবলৈ দিলে?”

“ঈশ্বৰে এইদৰে কিয় হʼবলৈ দিলে, মোৰ মনত বাৰে বাৰে এই প্ৰশ্ন আহিছিল।”—পʼপ বেনেডিক্স ১৬তমে পোলেণ্ডৰ অচৱিটজৰ যাতনা শিবিৰত সাক্ষাৎ কৰাৰ সময়ত এইদৰে কৈছিল।

যেতিয়া কোনো এটা বেয়া ঘটনা ঘটে, তেতিয়া ঈশ্বৰে এইদৰে কিয় হʼবলৈ দিছে বুলি আপুনি ভাবে নে? আপোনাৰ লগত কিবা দুখজনক ঘটনা ঘটিছে নে, যাৰ বাবে আপোনাৰ অনুভৱ হৈছিল যে মোৰ লগত যি হৈ আছে, সেইবোৰ ঈশ্বৰে চাই আছে নে?

আমেৰিকাত থকা চিলাই এইদৰেই ভাবিছিল। তাই বহুত ধাৰ্মিক পৰিয়ালত ডাঙৰ-দীঘল হৈছিল। তাই কৈছে, “মই সৰুৰে পৰা ঈশ্বৰৰ ওপৰত বহুত বিশ্বাস কৰিছিলোঁ, কাৰণ তেৱে আমাৰ সৃষ্টি কৰিছে। কিন্তু তেওঁ মোৰ কাষত আছে বুলি মোৰ অনুভৱ হোৱা নাছিল। মই ভাবিছিলোঁ যে তেওঁ মোক দূৰৰ পৰাহে চায়। তেওঁ মোক বেয়া পাই বুলি মোক লগা নাছিল, কিন্তু তেওঁ মোক মৰম কৰে বুলিও মোৰ অনুভৱ হোৱা নাছিল।” চিলাই এইদৰে কিয় ভাবিছিল? তাই কৈছে, “মোৰ পৰিয়ালত এটাৰ পাছত এটা সমস্যা আহি পৰিল, তেতিয়া আমাৰ অনুভৱ হʼল যে ঈশ্বৰে একোৱেই কৰা নাই, কেৱল দূৰৰ পৰা চাইহে আছে।”

চিলাৰ দৰে হয়তো আপুনিও অনুভৱ কৰে যে এজন ঈশ্বৰ আছে। কিন্তু ঈশ্বৰে আপোনাৰ যত্ন লয় নে, তাৰ ওপৰত হয়তো আপোনাৰ বিশ্বাস কৰিবলৈ কঠিন হয়। বহু শতিকাৰ আগতে ইয়োব নামৰ এজন ভাল ব্যক্তি আছিল। তেওঁ বিশ্বাস কৰিছিল যে ঈশ্বৰ বহুত শক্তিশালী আৰু বুদ্ধিমান। (ইয়োব ২:৩; ৯:৪) এবাৰ যেতিয়া তেওঁৰ জীৱনত ডাঙৰ ডাঙৰ সমস্যা আহিছিল আৰু তেওঁ কʼতো শান্তি পোৱা নাছিল, তেতিয়া তেওঁক লাগিছিল যে ঈশ্বৰে তেওঁৰ বিষয়ে চিন্তা নকৰে। তেওঁ ঈশ্বৰক কʼলে, “তোমাৰ মুখ কিয় লুকুৱাইছা, আৰু মোক তোমাৰ শত্ৰু যেন মানিছা?”—ইয়োব ১৩:২৪.

পবিত্ৰ শাস্ত্ৰ বাইবেলত কি লিখা আছে? যেতিয়া কোনো এটা দুৰ্ঘটনা ঘটে, তেতিয়া আমি ঈশ্বৰক দোষ দিয়াটো সঠিক হʼব নে? আমি কেনেকৈ জানিব পাৰোঁ যে ঈশ্বৰে আমাৰ যত্ন লয় আৰু আমি প্ৰতিজনে যি পৰিস্থিতিৰ মাজেদি পাৰ হৈছোঁ, তাৰ ওপৰত তেওঁ ধ্যান দিয়ে? আমি যি কষ্ট সহন কৰি আছোঁ, তাৰ ওপৰত ঈশ্বৰে ধ্যান দিয়ে, তেওঁ আমাৰ ভাৱনা বুজি পায়, আমাক সহানুভূতি দেখুৱাই আৰু সমস্যাৰ সময়ত আমাক সহায় কৰে বুলি আমি কেনেকৈ জানিব পাৰোঁ?

ঈশ্বৰে আমাৰ যত্ন লয় নে নলয়, এয়া জানিবলৈ আমি ইয়াৰ আগৰ লেখবোৰত দুটা কথাৰ ওপৰত মন কৰিম। প্ৰথমটো হৈছে, ঈশ্বৰে আমাক যিদৰে সৃষ্টি কৰিছে, তাৰ পৰা কেনেকৈ প্ৰমাণ হয় যে তেওঁ আমাৰ যত্ন লয়। (ৰোমীয়া ১:২০) দ্বিতীয়তে, শাস্ত্ৰৰ পৰা আমি কেনেকৈ জানিব পাৰোঁ যে ঈশ্বৰে আমাক প্ৰেম কৰে? এই কথাবোৰৰ ওপৰত মন কৰিলে আপুনি ঈশ্বৰক জানিব পাৰিব আৰু আপোনাৰ সম্পূৰ্ণ বিশ্বাস হʼব যে তেওঁ সঁচাকৈ আপোনাৰ বিষয়ে চিন্তা কৰে।—১ যোহন ২:৩; ১ পিতৰ ৫:৭.