অসমীয়া
ঈশ্বৰৰ ৰাজ্যই কি কৰিব?
https://cms-imgp.jw-cdn.org/img/p/2020088/univ/art/2020088_univ_sqr_xl.jpg
wp20 নং ২ পৃষ্ঠা ১১-১৩

ঈশ্বৰৰ ৰাজ্যই কি কৰিব?

ঈশ্বৰৰ ৰাজ্যই কি কৰিব?

যীচুৱে নিজৰ শিষ্যসকলক ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে প্ৰাৰ্থনা কৰিবলৈ শিকাইছিল। তেওঁ জানিছিল যে পৃথিৱীত ইমান দুষ্টতা থকাটো ঈশ্বৰে নিবিচাৰে। তেওঁ এয়াও জানিছিল যে কেৱল ঈশ্বৰৰ ৰাজ্যইহে এই সকলো দুষ্টতা শেষ কৰিব পাৰিব। কিন্তু এতিয়া প্ৰশ্ন হৈছে পৃথিৱীৰ পৰিস্থিতি ভাল কৰিবলৈ ঈশ্বৰৰ ৰাজ্যই কি কৰিব?

ঈশ্বৰৰ ৰাজ্যই এতিয়ালৈকে কি কি কৰিলে?

ইয়াৰ আগৰ লেখত আমি দেখিলোঁ যে যীচুৱে কিছুমান ঘটনাৰ বিষয়ে কৈছিল, যাৰ পৰা স্পষ্টকৈ জানিব পাৰি যে ঈশ্বৰৰ ৰাজ্যই স্বৰ্গত শাসন কৰিবলৈ আৰম্ভ কৰিলে আৰু তাৰ ৰজা হৈছে যীচু।

পবিত্ৰ শাস্ত্ৰ বাইবেলত কোৱা হৈছে যে যীচুৱে ৰজা হোৱাৰ পাছত সৰ্বপ্ৰথমে চয়তান আৰু তাৰ দূতবিলাকক স্বৰ্গৰ পৰা পৃথিৱীত পেলাই দিলে। অৰ্থাৎ তেওঁলোকে এতিয়া স্বৰ্গত আকৌ উভতি যাব নোৱাৰে। ১৯১৪ চনৰ পৰা পৃথিৱীৰ পৰিস্থিতি কিয় ইমান বেয়ালৈ ঢাল খাইছে, এয়া হৈছে তাৰেই এটা ডাঙৰ কাৰণ।—প্ৰকাশিত বাক্য ১২:৭, ৯.

পৃথিৱীৰ পৰিস্থিতি যদিও আজি বেয়ালৈ ঢাল খাইছে কিন্তু ঈশ্বৰৰ ৰাজ্যৰ ৰজা যীচু খ্ৰীষ্টই লোকসকলক সহায় কৰিবলৈ বহুতো কাম কৰি আছে। গোটেই পৃথিৱীত পবিত্ৰ শাস্ত্ৰ বাইবেলৰ বিষয়ে শিক্ষা দিয়াৰ কাম চলি আছে, যাৰ বিষয়ে যীচুৱে আগতেই কৈছিল। এই শিক্ষাৰ বাবে বহুতো লোকে বাইবেলৰ সিদ্ধান্তবোৰ নিজৰ জীৱনত ব্যৱহাৰ কৰিবলৈ শিকিছে। (যিচয়া ২:২-৪) লাখ লাখ লোকে আনন্দময় পৰিয়াল গঢ়ি তুলিব পাৰিছে আৰু চাকৰি আৰু টকা-পইচাৰ বিষয়ে সঠিক চিন্তাধাৰা ৰাখিব পাৰিছে। এই লোকসকলে নিজৰ জীৱনত সাল-সলনি কৰিছে আৰু ভৱিষ্যতে ঈশ্বৰৰ ৰাজ্যত জীয়াই থাকিবলৈ নিজকে সাজু কৰি আছে।

ঈশ্বৰৰ ৰাজ্যই অতি সোনকালে কি কৰিব?

এয়া সঁচা যে স্বৰ্গত যীচুৱে শাসন কৰিবলৈ আৰম্ভ কৰিলে কিন্তু পৃথিৱীত এতিয়াও মানুহে শাসন কৰি আছে। কিন্তু ঈশ্বৰে যীচুক কʼলে, “তোমাৰ শত্ৰুবোৰৰ মাজত ৰাজ্যশাসন কৰা।” (গীতমালা ১১০:২) অতি সোনকালে যীচুৱে ঈশ্বৰৰ ৰাজ্যৰ শত্ৰুসকলক ধ্বংস কৰিব। কিন্তু যিসকল লোকে আনন্দ মনেৰে ঈশ্বৰৰ কথা মানি চলে, তেওঁলোকৰ সকলো সমস্যা ঈশ্বৰে দূৰ কৰিব।

ঈশ্বৰৰ ৰাজ্যই কি কি পদক্ষেপ লʼব?

  • মিছা ধৰ্মবোৰক ধ্বংস কৰিব। পবিত্ৰ শাস্ত্ৰ বাইবেলত মিছা ধৰ্মবোৰক বেশ্যা বুলি কৈছে, যাক অতি সোনকালে ধ্বংস কৰা হʼব। যি ধৰ্মবোৰে ঈশ্বৰৰ বিষয়ে মিছা শিক্ষা দিয়ে আৰু লোকসকলৰ জীয়াই থকাটো কঠিন কৰি তোলে, সেই ধৰ্মবোৰক সম্পূৰ্ণৰূপে ধ্বংস কৰা হʼব। ধৰ্মবোৰৰ ধ্বংস দেখি বহুতো লোকে আচৰিত হʼব।—প্ৰকাশিত বাক্য ১৭:১৫, ১৬.

  • মানুহৰ শাসনক শেষ কৰিব। ঈশ্বৰৰ ৰাজ্যই মানুহৰ শাসন অন্ত কৰিব।—প্ৰকাশিত বাক্য ১৯:১৫, ১৭, ১৮.

  • দুষ্টলোকসকলক ধ্বংস কৰিব। যিসকল লোকে বেয়া কাম কৰি থাকে আৰু ঈশ্বৰৰ কথা নুশুনে, তেওঁলোকৰ কি হʼব? বাইবেলত কোৱা হৈছে, “দুষ্টবোৰক দেশৰ পৰা উচ্ছন্ন কৰা হব।”—হিতোপদেশ ২:২২.

  • চয়তান আৰু তাৰ দুষ্ট দূতবোৰক ধ্বংস কৰিব। চয়তান আৰু দুষ্ট দূতবোৰে “জাতিবিলাকক ভুলাব” নোৱাৰিব।—প্ৰকাশিত বাক্য ২০:৩, ১০.

এই সকলো সাল-সলনিৰ বাবে ঈশ্বৰৰ ৰাজ্যক স্বীকাৰ কৰা লোকসকলৰ কি লাভ হʼব?

ঈশ্বৰৰ ৰাজ্যই মানুহৰ বাবে কি কৰিব?

স্বৰ্গৰ পৰা ৰজা যীচুৱে সেই সকলো কাম কৰিব, যি আজিলৈকে কোনো মানৱীয় চৰকাৰে কৰিব পৰা নাই। তেওঁক সহায় কৰিবলৈ পৃথিৱীৰ পৰা ১,৪৪,০০০ জন লোকক বাছনি কৰা হৈছে। (প্ৰকাশিত বাক্য ৫:৯, ১০; ১৪:১, ৩) যীচুৱে যিকোনো পৰিস্থিতিতে পৃথিৱীত ঈশ্বৰৰ ইচ্ছা পূৰ কৰিব। আহক চাওঁ যে ঈশ্বৰৰ ৰাজ্যই মানুহৰ বাবে কি কি কৰিব।

  • বেমাৰ আৰু মৃত্যুক নাইকিয়া কৰিব। “মই নৰিয়া, এই বুলি নগৰ-নিবাসীয়ে নকব” আৰু ‘মৃত্যু নহব।’—যিচয়া ৩৩:২৪; প্ৰকাশিত বাক্য ২১:৪.

  • প্ৰকৃত শান্তি আৰু সুৰক্ষা আনিব। “তোমাৰ সন্তানবিলাকৰ পৰমশান্তি হব” আৰু তেওঁলোকে “প্ৰতিজনে নিজ নিজ দ্ৰাক্ষালতাৰ আৰু ডিমৰু গছৰ তলত বহিব, আৰু কোনেও সিহঁতক ভয় নলগাব।”—যিচয়া ৫৪:১৩; মীখা ৪:৪.

  • লোকসকলক ভাল কাম দিব। “মোৰ মনোনীত লোকবিলাকে নিজ নিজ হাতেৰে কৰা কাৰ্য্যৰ ফল বহুকাললৈকে ভোগ কৰিব। তেওঁবিলাকে বৃথা পৰিশ্ৰম নকৰিব।”—যিচয়া ৬৫:২২, ২৩.

  • পৰিৱেশৰ সমস্যা ঠিক কৰিব। “অৰণ্য আৰু নিৰ্জন ঠাই আনন্দিত হব, আৰু মৰুভূমি উল্লাসিত হৈ গোলাপ ফুলৰ নিচিনা প্ৰফুল্লিত হব।”—যিচয়া ৩৫:১.

  • অনন্ত জীৱন পাবলৈ কি কৰিব লাগিব তাৰ বিষয়ে লোকসকলক শিকাব। “একমাত্ৰ সত্য ঈশ্বৰ যি তুমি, তোমাক আৰু তুমি পঠোৱা যীচু খ্ৰীষ্টক জনা, এয়েই অনন্ত জীৱন।”—যোহন ১৭:৩.

আপুনি এই আশীৰ্বাদবোৰ পোৱাটো ঈশ্বৰে সঁচাকৈ বিচাৰে। (যিচয়া ৪৮:১৮) ইয়াৰ পাছৰ লেখত কোৱা হʼব যে এই ভাল ভৱিষ্য পাবলৈ আপুনি এতিয়া কি কৰিব লাগিব।