Skip to content

Skip to secondary menu

যিহোৱাৰ সাক্ষীসকল

অসমীয়া

যিহোৱাৰ সাক্ষীসকলে যীচুৰ ওপৰত বিশ্বাস কৰেনে?

যিহোৱাৰ সাক্ষীসকলে যীচুৰ ওপৰত বিশ্বাস কৰেনে?

যিহোৱাৰ সাক্ষীসকলে যীচুৰ ওপৰত বিশ্বাস কৰে। যীচুৱে এইদৰে কৈছিল: “ময়েই বাট আৰু সত্য আৰু জীৱন; মোৰ যোগেদি নগলে, পিতৃৰ ওচৰলৈ কোনো নাযায়।” (যোহন ১৪:⁠৬) আমি বিশ্বাস কৰোঁ যে যীচু স্বৰ্গৰপৰা পৃথিৱীলৈ আহিছিল আৰু তেওঁৰ সিদ্ধ জীৱন আমাৰ বাবে মুক্তিপণৰূপে বলিদান দিছিল। (মথি ২০:২৬) যীচুৰ মৃত্যু আৰু পুনৰুত্থানে, তেওঁৰ ওপৰত বিশ্বাস কৰা লোকসকলৰ বাবে অনন্ত জীৱন লাভ কৰাটো সম্ভৱ কৰি তুলিলে। (যোহন ৩:১৬) ইয়াৰ উপৰিও, আমি বিশ্বাস কৰোঁ যে বৰ্তমান সময়ত যীচু খ্ৰীষ্টই ঈশ্বৰৰ ৰাজ্যৰ ৰজা হিচাপে শাসন কৰিছে আৰু এই ৰাজ্যৰ যোগেদি তেওঁ অতি সোনকালে পৃথিৱীত শান্তি কঢ়িয়াই আনিব। (প্ৰকাশিত বাক্য ১১:১৫) ইয়াৰ লগতে যীচু খ্ৰীষ্টই কোৱা এই কথাষাৰৰ ওপৰতো আমি বিশ্বাস কৰোঁ: “পিতৃ মোতকৈ মহান।” (যোহন ১৪:২৮) আমি যীচুক উপাসনা নকৰোঁ, কিয়নো তেওঁ সৰ্ব্বশক্তিমান ঈশ্বৰ নহয়।