অসমীয়া
যিহোৱাৰ সাক্ষীসকলৰ সভা হোৱা ঠাইখনক কিয় গীৰ্জা বুলি কোৱা নহয়?
https://cms-imgp.jw-cdn.org/img/p/502013283/univ/art/502013283_univ_sqr_xl.jpg
ijwfq প্ৰৱন্ধ ২৪

যিহোৱাৰ সাক্ষীসকলৰ সভা হোৱা ঠাইখনক কিয় গীৰ্জা বুলি কোৱা নহয়?

যিহোৱাৰ সাক্ষীসকলৰ সভা হোৱা ঠাইখনক কিয় গীৰ্জা বুলি কোৱা নহয়?

 কিছুমান বাইবেলত “গীৰ্জা” বুলি অনুবাদ কৰা গ্ৰীক শব্দই কোনো ঘৰ বা উপাসনা কৰা স্থানক চিত্ৰিত নকৰে। কিন্তু উপাসনাৰ বাবে একত্ৰিত হোৱা লোকসকলক বুজোৱা হৈছে।

 এই উদাহৰণলৈ ধ্যান দিয়ক: যেতিয়া ৰোমত থকা খ্ৰীষ্টান ভাই-ভনীসকলক পৌলে চিঠি লিখিছিল, তেতিয়া তেওঁ প্ৰিষ্কা আৰু আক্কিলা নামৰ এহাল দম্পত্তীক সম্ভাষণ জনাইছিল আৰু লগতে “তেওঁলোকৰ ঘৰত গোট খোৱা মন্ডলীকো (গীৰ্জা) মঙ্গলবাদ” কৰিছিল। (ৰোমীয়া ১৬:৫) পৌলে কোনো ঘৰ বা উপাসনা কৰা স্থানক সম্ভাষণ জনোৱা নাছিল। ইয়াৰ পৰিৱৰ্তে, তেওঁলোকৰ ঘৰত উপস্থিত হোৱা মণ্ডলীৰ লোকসকললৈ নিজৰ সম্ভাষণ জনাইছিল। a

 সেইবাবে, আমি আমাৰ উপাসনা কৰা স্থানক গীৰ্জাৰ সলনি “ৰাজ্যগৃহ” বুলি কওঁ।

“যিহোৱাৰ সাক্ষীসকলৰ ৰাজ্যগৃহ” বুলি কিয় কোৱা হয়?

 এনেধৰণে কোৱাৰ কেইবাটাও কাৰণ আছে:

  •   আমি উপাসনাৰ বাবে একত্ৰিত হোৱা ঠাইখন এখন ঘৰৰ দৰে হয়। ইয়াৰ ভিতৰত আহল-বহল এটা মুকলি কোঠা থাকে।

  •   আমি ৰাজ্যগৃহত যিহোৱা ঈশ্বৰক উপাসনা কৰিবলৈ একত্ৰিত হওঁ। তাত আমি যিহোৱা ঈশ্বৰৰ বিষয়ে শিকোঁ। আমি সভাত অংশগ্ৰহণ কৰোঁ আৰু ইয়াৰ দ্বাৰা দেখুৱাওঁ যে আমি যিহোৱাৰ সাক্ষী হওঁ।​—গীতমালা ৮৩:১৮; যিচয়া ৪৩:১২.

  •   যীচুৱে প্ৰায়ে ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে শিক্ষা দিছিল আৰু সেই ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে শিকিবলৈ আমি ৰাজ্যগৃহত একত্ৰিত হওঁ।​—মথি ৬:​৯, ১০; ২৪:১৪; লূক ৪:৪৩.

 আপোনাৰ ঘৰৰ ওচৰত থকা কোনো ৰাজ্যগৃহত অহাৰ বাবে আপোনাক আমি আন্তৰিকতাৰে নিমন্ত্ৰণ কৰিছোঁ। যিহোৱাৰ সাক্ষীসকলৰ সভা কেনেকৈ পৰিচালনা কৰা হয়, তাৰ বিষয়ে আপুনি নিজেই আহি চাওক।

a এনেধৰণৰ উদাহৰণ ১ কৰিন্থীয়া ১৬:১৯; কলচীয়া ৪:১৫ আৰু ফিলীমন ২ পদত পোৱা যায়।