পৰিয়ালৰ বাবে সহায়
যদি কোনোবাই মোৰ লʼৰা-ছোৱালীক আমনি কৰে, তেনেহʼলে কি কৰিম?
যেতিয়া স্কুলত কোনোবাই আপোনাৰ লʼৰা-ছোৱালীক আমনি কৰে, তেতিয়া আপুনি কি কৰিব? স্কুলত সেই বিষয়ে জনাই গুণ্ডাগিৰি কৰাজনক শাস্তি দিয়াব নে নিজৰ লʼৰা-ছোৱালীক প্ৰতিশোধ লʼবলৈ শিকাব? যিকোনো পদক্ষেপ লোৱাৰ আগতে এই বিষয়ে জানিবলৈ চেষ্টা কৰক যে আমনি কৰাৰ অৰ্থ কি। a
আমনি কৰাৰ বিষয়ে মই কি জনা উচিত?
আমনি কৰাৰ অৰ্থ কি? যেতিয়া লʼৰা-ছোৱালীক বাৰে বাৰে আৰু জানি-শুনি মানসিক আৰু শাৰীৰিকভাৱে তাড়না দিয়া হয়, তেতিয়া তাক আমনি কৰা বুলি কোৱা হয়। সেইবাবে, যদি কোনোবাই কেতিয়াবা কেতিয়াবা লʼৰা-ছোৱালীক অপমান কৰে বা চিঞৰ-বাখৰ কৰে, তেনেহʼলে তাক আমনি কৰা বুলি কোৱা নহয়।
ইয়াৰ অৰ্থ বুজি পোৱাটো কিয় গুৰুত্বপূৰ্ণ: কাৰণ কিছুমান লোকে ভাবে যে তেওঁলোকৰ লʼৰা-ছোৱালীক যদি কোনোবাই অলপ হʼলেও কিবা কয় বা কৰে, তেনেহʼলে তেওঁলোকৰ মতে সেয়া আমনি কৰা হয়। নিজৰ লʼৰা-ছোৱালীৰ সৰু সৰু সমস্যাবোৰ ডাঙৰ নকৰিব। কিয়নো এইদৰে কৰিলে আপুনি অজানিতে সিহঁতক শিকাব যে সিহঁতে নিজৰ সমস্যা নিজে সমাধান কৰিব নোৱাৰে। যদি আপুনি সিহঁতক আজি নিজৰ সমস্যা নিজে সমাধান কৰিবলৈ শিকায়, তেনেহʼলে ভৱিষ্যতেও নিজৰ সমস্যা নিজে সমাধান কৰিব পাৰিব।
বাইবেলৰ সিদ্ধান্ত: “কোনো কথাত সোনকালে বেয়া নাপাব।”—উপদেশক ৭:৯, NW.
মূল কথা: যদিও কিছুমান পৰিস্থিতিত আপুনি নিজৰ লʼৰা-ছোৱালীৰ সমস্যা সমাধান কৰিবলগীয়া হয়। কিন্তু কিছুমান পৰিস্থিতিত সিহঁতক নিজৰ সমস্যাৰ সমাধান নিজেই বিচাৰিবলৈ দিয়ক। এইদৰে কৰিলে তেওঁলোকে আনৰ লগত থকা নিজৰ সমস্যা নিজেই সমাধান কৰিবলৈ শিকিব আৰু ধৈৰ্যৰ গুণ বঢ়াব পাৰিব।—কলচীয়া ৩:১৩.
কিন্তু যেতিয়া আপোনাৰ লʼৰা-ছোৱালীয়ে কয় যে সিহঁতক বাৰে বাৰে আৰু জানি-শুনি আমনি কৰা হৈছে, তেতিয়া আপুনি কি কৰিব?
মই কেনেকৈ সহায় কৰিব পাৰোঁ?
নিজৰ লʼৰা-ছোৱালীৰ কথা ধ্যান দি শুনক। এই বিষয়ে জানিবলৈ চেষ্টা কৰক যে (১) সিহঁতৰ লগত কি হʼল আৰু (২) আন লʼৰা-ছোৱালীয়ে সিহঁতক কিয় আমনি কৰি আছে। সম্পূৰ্ণ কথা নজনাকৈ কোনো নিৰ্ণয় নলʼব। নিজকে সোধক: ‘এই বিষয়ে মোৰ ওচৰত সম্পূৰ্ণ তথ্য আছে নে?’ এই বিষয়ে সম্পূৰ্ণকৈ জানিবলৈ আপোনাক হয়তো নিজৰ লʼৰা-ছোৱালীৰ শিক্ষকৰ লগত বা গুণ্ডাগিৰি কৰা লʼৰা-ছোৱালীৰ মা-দেউতাৰ লগত কথা পাতিবলগীয়া হʼব পাৰে।
বাইবেলৰ সিদ্ধান্ত: “যি মানুহে নৌ শুনোতেই উত্তৰ দিয়ে, সেয়ে তাৰ পক্ষে অজ্ঞানতা আৰু অপমান বুলি গণিত হয়।”—হিতোপদেশ ১৮:১৩.
যদি আপোনাৰ লʼৰা-ছোৱালীক কোনোবাই আমনি কৰে, তেনেহʼলে সিহঁতক বুজাওক যে যদি সিহঁতে ঘূৰাই কিবা কয় বা কৰে, তেনেহʼলে সমস্যাটো সমাধান হʼব পাৰে নাইবা বেছিকৈ বেয়া হʼব পাৰে। বাইবেলত লিখা আছে: ‘মৃদু উত্তৰে ক্ৰোধ ক্ষান্ত কৰে; কিন্তু কঠোৰ কথাই খং তোলে।’ (হিতোপদেশ ১৫:১) যদি আপোনাৰ লʼৰা-ছোৱালীয়ে প্ৰতিশোধ লয়, তেনেহʼলে সমস্যাটো কম হোৱাৰ পৰিৱৰ্তে আৰু বাঢ়ি যাব পাৰে।
বাইবেলৰ সিদ্ধান্ত: “যদি কোনোবাই তোমালোকক আঘাত দিয়ে, তেনেহʼলে তাৰ সলনি তেওঁক আঘাত নিদিবা আৰু যদি কোনোবাই তোমালোকৰ অপমান কৰে, তেনেহʼলে তাৰ সলনি তেওঁক অপমান নকৰিবা।”—১ পিতৰ ৩:৯.
লʼৰা-ছোৱালীক বুজাওক যে যদি সিহঁতে প্ৰতিশোধ নলয়, তেনেহʼলে ইয়াৰ অৰ্থ এয়া নহয় যে সিহঁতে ভয়াতুৰ হয়। ইয়াৰ পৰিৱৰ্তে, শান্ত হৈ দেখুৱাব পাৰে যে সিহঁতে সাহসী হয় আৰু আনৰ হাতৰ পুতলা হʼব নিবিচাৰে। এইদৰে সিহঁতে গুণ্ডাগিৰি কৰাসকলক খেদিব পাৰে।
যদি কোনোবাই ইন্টাৰনেটৰ যোগেদি আপোনাৰ লʼৰা-ছোৱালীক আমনি কৰে, তেনেহʼলে সিহঁতে শান্ত হৈ থকাটো আৰু বেছিকৈ প্ৰয়োজন। কিন্তু সিহঁতে যদি গুণ্ডাগিৰি কৰাসকলৰ মেচেজৰ উত্তৰ দিয়ে, তেনেহʼলে এয়া “জ্বলা জুইত ঘিউ” ঢালি দিয়াৰ দৰে হʼব। এইদৰে গুণ্ডাগিৰি কৰাসকলে আপোনাৰ লʼৰা-ছোৱালীক আমনি কৰিবলৈ সুযোগ পাব আৰু বাৰে বাৰে এইদৰে কৰি থাকিব। সেইবাবে, সিহঁতে গুণ্ডাগিৰি কৰাসকলৰ মেচেজৰ কোনো উত্তৰ নিদিয়াটোৱেই বুদ্ধিমানৰ কাম হʼব। যদি আপোনাৰ লʼৰা-ছোৱালীয়ে শান্ত হৈ থাকে, তেনেহʼলে সিহঁতে দেখুৱাব যে সিহঁতৰ ওপৰত গুণ্ডাগিৰি কৰাসকলৰ একো প্ৰভাৱ পৰা নাই। এইদৰে হয়তো গুণ্ডাগিৰি কৰাসকলে সিহঁতক আমনি কৰিবলৈ এৰি দিব।
বাইবেলৰ সিদ্ধান্ত: ‘খৰি নহʼলে জুই নুমাই যায়।’—হিতোপদেশ ২৬:২০.
যিমান পাৰি সিমান আপোনাৰ লʼৰা-ছোৱালীয়ে সেই লোকসকলৰ পৰা আঁতৰি থাকিব পাৰে, যিসকলে সিহঁতক আমনি কৰে। গুণ্ডাগিৰি কৰাসকলে যʼত থাকে, সেই ঠাইবোৰত যোৱাৰ পৰাও আঁতৰি থাকিব পাৰে। যেনে, যদি সিহঁতে গʼম পাই যে গুণ্ডাগিৰি কৰা লʼৰা-ছোৱালীবিলাকৰ গ্ৰুপ কʼত থাকে, তেনেহʼলে সিহঁতে সেই ৰাস্তাইদি যোৱাৰ পৰিৱৰ্তে আন ৰাস্তাৰ পৰা যাব পাৰে।
বাইবেলৰ সিদ্ধান্ত: “বিবেচক লোকে আপদ দেখি নিজকে লুকুৱায়; কিন্তু নিৰ্ব্বোধে আগলৈ গৈ দুখত পৰে।”—হিতোপদেশ ২২:৩.
আপোনাক হয়তো নিজৰ লʼৰা-ছোৱালীৰ শিক্ষকৰ লগত বা গুণ্ডাগিৰি কৰা লʼৰা-ছোৱালীৰ মা-দেউতাৰ লগত কথা পাতিবলগীয়া হʼব পাৰে
এইবোৰ ব্যৱহাৰ কৰি চাওক: এই সমস্যাবোৰ সমাধান কৰিবলৈ কি কৰা উচিত আৰু কি কৰা উচিত নহয়, সেই বিষয়ে নিজৰ লʼৰা-ছোৱালীক বুজাওক। যেনে,
যদি সিহঁতে গুণ্ডাগিৰি কৰা লʼৰা-ছোৱালীবিলাকক আওকাণ কৰি থাকে, তেনেহʼলে কি হʼব?
যদি সিহঁতে সাহেসেৰে গুণ্ডাগিৰি কৰা লʼৰা-ছোৱালীক কয় যে ‘মোক আমনি নকৰিবা,’ তেনেহʼলে কি হʼব?
যদি সিহঁতে গুণ্ডাগিৰি কৰা লʼৰা-ছোৱালীৰ বিষয়ে শিক্ষকক কৈ দিয়ে, তেনেহʼলে কি হʼব?
যদি সিহঁতে গুণ্ডাগিৰি কৰা লʼৰা-ছোৱালীৰ কথা ধেমালিতে পাৰ কৰি দিয়ে, তেনেহʼলে কি হʼব?
গুণ্ডাগিৰি কৰা লʼৰা-ছোৱালীবিলাকে আপোনাৰ লʼৰা-ছোৱালীক চিধা-চিধিকৈ আমনি কৰক বা ইন্টাৰনেটৰ যোগেদি, মনত ৰাখক সকলো পৰিস্থিতিৰ সন্মুখীন হোৱাৰ উপায় বেলেগ বেলেগ থাকে। সেইবাবে, নিজৰ লʼৰা-ছোৱালীৰ লগত মিলি সমস্যাৰ সমাধান বিচাৰক। সিহঁতক বিশ্বাস দিয়ক যে এই কঠিন পৰিস্থিতিত আপুনি সিহঁতৰ লগত আছে।
বাইবেলৰ সিদ্ধান্ত: “প্ৰকৃত বন্ধুৱে সকলো সময়তে প্ৰেম কৰে আৰু বিপদৰ সময়ত ভাই হৈ পৰে।”—হিতোপদেশ ১৭:১৭, NW.
a যদিও এই লেখখন লʼৰাবিলাকক মনত ৰাখি তৈয়াৰ কৰা হৈছে, কিন্তু ইয়াত কোৱা কথাবোৰ ছোৱালীবিলাকৰ ওপৰতো ব্যৱহাৰ হয়।

