অসমীয়া
মা-দেউতাই নিজৰ লʼৰা-ছোৱালীক কেনেকৈ ডাঙৰ-দীঘল কৰিব পাৰে?
https://cms-imgp.jw-cdn.org/img/p/502019354/univ/art/502019354_univ_sqr_xl.jpg
ijwhf প্ৰৱন্ধ ৯

পৰিয়ালৰ বাবে সহায় | লʼৰা-ছোৱালীক ডাঙৰ-দীঘল কৰা

মা-দেউতাই নিজৰ লʼৰা-ছোৱালীক কেনেকৈ ডাঙৰ-দীঘল কৰিব পাৰে?

মা-দেউতাই নিজৰ লʼৰা-ছোৱালীক কেনেকৈ ডাঙৰ-দীঘল কৰিব পাৰে?

 আপুনি কি জনা উচিত?

 কিছুমান সংস্কৃতিত আজিও লʼৰা-ছোৱালীৰ নিজৰ মা-দেউতাৰ লগত গভীৰ সম্পৰ্ক আছে আৰু সিহঁতে পৰামৰ্শ লʼবলৈ তেওঁলোকৰ ওচৰলৈ যায়। কিন্তু এনে কিছুমান সংস্কৃতিও আছে, যʼত লʼৰা-ছোৱালীয়ে সহায় লʼবলৈ নিজৰ বয়সৰ লগৰবিলাকৰ ওচৰলৈ যায়।

 যেতিয়া লʼৰা-ছোৱালীয়ে নিজৰ মা-দেউতাৰ পৰিৱৰ্তে নিজৰ লগৰবিলাকৰ পৰা পৰামৰ্শ লয়, তেতিয়া ইয়ে দেখুৱাই যে সিহঁতৰ দৃষ্টিত মা-দেউতাৰ কোনো মূল্য নাই। লʼৰা-ছোৱালী ডাঙৰ হোৱাৰ লগে লগে মা-দেউতাক লাগিবলৈ ধৰে যে সিহঁতৰ লʼৰা-ছোৱালী হাতৰ পৰা ওলাই গৈছে। যেতিয়া লʼৰা-ছোৱালীয়ে নিজৰ লগৰবিলাকৰ লগত প্ৰয়োজনতকৈ বেছি সময় কটায়, তেতিয়া এয়া এনে হʼব যেন সিহঁতক মা-দেউতাই নহয়, সিহঁতৰ লগৰবিলাকেহে ডাঙৰ-দীঘল কৰি আছে।

 লʼৰা-ছোৱালীবিলাকে নিজৰ মা-দেউতাতকৈ বেছি কিয় লগৰবিলাকৰ কাষত থাকে? আহক ইয়াৰ কিছুমান কাৰণলৈ মন কৰোঁ।

  •   স্কুল। যেতিয়া লʼৰা-ছোৱালীয়ে আন লʼৰা-ছোৱালীৰ লগত বেছিকৈ সময় কটায়, তেতিয়া সিহঁতৰ বন্ধুত্ব গভীৰ হৈ পৰে। সিহঁতৰ বাবে মা-দেউতাৰ কথা পালন কৰাতকৈ লগৰবিলাকৰ কথা পালন কৰাটো বেছি গুৰুত্বপূৰ্ণ হৈ পৰে। লʼৰা-ছোৱালীবিলাকে ডাঙৰ হোৱাৰ লগে লগে আৰু বেছিকৈ এইদৰে হৈ পৰে।

    লʼৰা-ছোৱালীবিলাকে স্কুলৰ লগৰবিলাকৰ পৰিৱৰ্তে নিজৰ মা-দেউতাক আনন্দিত কৰা উচিত

  •   একেলগে কম সময় কটোৱা। বহুতো পৰিয়ালত লʼৰা-ছোৱালী স্কুলৰ পৰা উভতি অহাৰ পাছত ঘৰত কোনো নাথাকে। কিয়নো সেই সময়ত মা বা দেউতা বা দুয়োজনে কামত থাকে।

  •   লʼৰা-ছোৱালীৰ আচাৰ-ব্যৱহাৰ। যেতিয়া লʼৰা-ছোৱালীয়ে ডাঙৰ হʼবলৈ ধৰে, তেতিয়া লগৰবিলাকৰ লগত সিহঁতে বেলেগ এখন জগত বনাই লয়। সিহঁতৰ জীৱন-যাপন সলনি হৈ যায়। যেনে: সিহঁতে কেনেধৰণৰ কাপোৰ পিন্ধিব, কেনেকৈ কথা পাতিব আৰু আনৰ লগত কেনেকৈ ব্যৱহাৰ কৰিব। এই বয়সত লʼৰা-ছোৱালীৰ বাবে এই কথাই গুৰুত্বপূৰ্ণ যে সিহঁতৰ লগৰবিলাকে সিহঁতৰ বিষয়ে কি ভাবে।

  •   মাৰ্কেটিং। আজি কালি কোম্পানীবোৰে কিশোৰ-কিশোৰীসকলক মনত ৰাখি বেছিভাগ বস্তু আৰু মনোৰঞ্জনৰ কাৰ্য্যক্ৰমবোৰ বনায়। ইয়াৰ বাবে লʼৰা-ছোৱালী আৰু ডাঙৰ লোকসকলৰ মাজৰ দূৰত্ব আৰু বাঢ়ি গৈছে। ডাঃ ৰবাৰ্ট এপষ্টেইনে কয় যে ‘যদি কিশোৰ-কিশোৰীসকলৰ বেলেগ এটা জীৱন শৈলী নাথাকে, তেনেহʼলে কোটি কোটি টকা অৰ্জন কৰা কোম্পানীবোৰ ৰাতিৰ ভিতৰতে ডুবি যাব।’ a

 আপুনি কি কৰিব পাৰে?

  •   লʼৰা-ছোৱালীৰ লগত নিজৰ সম্পৰ্ক মজবুত কৰক।

     বাইবেলত লিখা আছে: “আজি মই তোমাক আজ্ঞা কৰা আটাই বাক্য তোমাৰ হৃদয়ত থাকিব লাগে। আৰু তুমি নিজ সন্তানবিলাকক যত্নেৰে সেইবোৰ শিকাবা; আৰু তুমি ঘৰত বহোঁতে বা বাটত যাওঁতে, আৰু শোওঁতে বা উঠোতে, সেইবোৰৰ বিষয়ে কথা-বতৰা হʼবা।”—দ্বিতীয় বিবৰণ ৬:৬, ৭.

     লগৰ থকাটো প্ৰয়োজন, কিন্তু লগৰবিলাকে কেতিয়াও মা-দেউতাৰ নিচিনা পৰামৰ্শ দিব নোৱাৰে। কিন্তু আনন্দৰ বিষয় যে এই বিষয়ে জ্ঞান থকা বহুতো লোকে কয় যে বেছিভাগ লʼৰা-ছোৱালী আৰু কিশোৰ-কিশোৰীয়ে নিজৰ মা-দেউতাক সন্মান কৰে আৰু তেওঁলোকৰ কথা মানিব বিচাৰে। সেইবাবে, পিতৃ-মাতৃসকল নিজৰ লʼৰা-ছোৱালীক ডাঙৰ-দীঘল কৰাত হাৰ নামানিব। নিজৰ লʼৰা-ছোৱালীৰ লগত মজবুত সম্পৰ্ক গঢ়ি তোলক, তেতিয়া আপোনালোকৰ লʼৰা-ছোৱালীয়ে নিজৰ লগৰবিলাকতকৈ বেছি আপোনালোকৰ কথা মানিব।

     “আপুনি নিজৰ লʼৰা-ছোৱালীক সময় দিব লাগিব আৰু প্ৰতিদিনে সিহঁতৰ লগত কাম কৰিব লাগিব। যেনে: আহাৰ ৰান্ধা, ঘৰ চফা কৰা আৰু সিহঁতক হোমৱৰ্ক কৰিবলৈ সহায় কৰা। সিহঁতৰ লগত খেলা-ধূলা কৰক, চিনেমা বা টিভি চাওক। এয়া নাভাবিব যে সিহঁতৰ লগত অলপ সময় কটালে আপোনাৰ দায়িত্ব শেষ হৈ যাব। যদি আপুনি লʼৰা-ছোৱালীৰ লগত নিজৰ সম্পৰ্ক মজবুত কৰিব বিচাৰে, তেনেহʼলে সিহঁতক সময় দিয়ক।”—লʼৰেন।

  •   নিজৰ লʼৰা-ছোৱালীৰ একে বয়সৰ লগৰবিলাকৰ ওপৰত কেৱল নিৰ্ভৰ নাথাকিব।

     বাইবেলত লিখা আছে: ‘লʼৰা বা ডেকাৰ মনত অজ্ঞানতা থাকে।’—হিতোপদেশ ২২:১৫.

     কিছুমান মা-দেউতাই সিহঁতৰ লʼৰা-ছোৱালীৰ বহুত লগৰ আছে বুলি আনন্দিত হয়। কিন্তু ইমানেই যথেষ্ট নহয়। কিয়নো কেৱল একে বয়সৰ লগৰ থাকিলে আপোনাৰ লʼৰা-ছোৱালীয়ে দায়িত্বশীল হʼব নোৱাৰে। ইয়াৰ উপৰিও, লʼৰা-ছোৱালীক সিহঁতৰ লগৰবিলাকে সেই পৰামৰ্শ দিব নোৱাৰে আৰু পথ দেখুৱাব নোৱাৰে যি সিহঁতৰ মা-দেউতাই দিয়ে। সেইবাবে, আপোনাৰ লʼৰা-ছোৱালীয়ে বেলেগ বেলেগ বয়সৰ লোকসকলৰ লগত বন্ধুত্ব কৰা উচিত।

     “একে বয়সৰ লগৰবিলাকৰ ওচৰত অলপ তথ্য থাকে, কিন্তু সিহঁতৰ ওচৰত ইমান অভিজ্ঞতা বা বুদ্ধি নাথাকে যে সিহঁতে নিজৰ লগৰবিলাকক নিৰ্ণয় লʼবলৈ সহায় কৰিব পাৰে। সেইবাবে, যেতিয়া লʼৰা-ছোৱালীয়ে নিজৰ মা-দেউতাৰ পৰা সহায় লয়, তেতিয়া সিহঁতে ভাবি-চিন্তি কাম কৰা ব্যক্তি হয়।”—নাডিয়া।

  •   বুদ্ধিভৰা পৰামৰ্শ দিয়ক।

     বাইবেলত লিখা আছে: “জ্ঞানীবিলাকৰ লগত আলাপ কৰা, তাতে তুমি জ্ঞানী হʼবা।”—হিতোপদেশ ১৩:২০.

     ডাঙৰ হোৱাৰ পাছতো লʼৰা-ছোৱালীয়ে যিমান বেছি নিজৰ মা-দেউতাৰ লগত সময় কটাব, সিমানেই সিহঁতৰ লাভ হʼব। সেইবাবে, নিজৰ লʼৰা-ছোৱালীৰ বাবে এক ভাল উদাহৰণ হওক।

     “লʼৰা-ছোৱালীৰ বাবে সিহঁতৰ মা-দেউতাই সকলোতকৈ ভাল উদাহৰণ হয়। যদি লʼৰা-ছোৱালীক নিজৰ মা-দেউতাক সন্মান কৰিবলৈ শিকোৱা হয়, তেনেহʼলে ডাঙৰ হৈ সিহঁতেও তেওঁলোকৰ দৰে হʼব।”—কেথৰিন।.

a এই তথ্য, টিন ২.০—চেবিং আৱৰ চিলড্ৰেন এন্ড ফেমেলি ফ্ৰম দা টৰ্মেন্ট ইফ অডলচেন্স নামৰ কিতাপৰ পৰা দিয়া হৈছে।