পৰিয়ালৰ বাবে সহায়
আপুনি নিজৰ খং কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰে?
ধৰি লওক, আপোনাৰ জীৱন সংগীয়ে এনে কিবা কয় বা কৰে, যাৰ বাবে আপোনাৰ বহুত খং উঠে আৰু আপুনি নিজৰ খং লুকুৱাবলৈ চেষ্টা কৰে। কিন্তু আপোনাৰ সংগীয়ে গʼম পাই যে নিশ্চয় কিবা এটা হৈছে আৰু তেওঁ আপোনাক সুধিবলৈ ধৰে। তেতিয়া আপোনাৰ আৰু বেছিকৈ খং উঠে। সেই সময়ত আপুনি নিজৰ খং কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰে?
আপুনি কি জনা উচিত?
খং নিয়ন্ত্ৰণ নকৰাটো আপোনাৰ স্বাস্থ্যৰ বাবে ভাল নহয়। অনুসন্ধান কৰি গʼম পোৱা গৈছে যে বেছিকৈ খং কৰিলে হাই ব্লাড প্ৰেচাৰ, হৃদয় ৰোগ, হজমৰ লগত জড়িত সমস্যা আৰু ডিপ্ৰেচন হোৱাৰ বিপদ আৰু বাঢ়ি যায়। এয়াও দেখিবলৈ পোৱা যায় যে যিজন ব্যক্তিয়ে সোনকালে খং কৰে, তেওঁৰ আৰু বহুতো সমস্যা হয়, যেনে: তেওঁৰ টোপনি নাহে, বেছিকৈ চিন্তা কৰে, ছালৰ ৰোগ আৰু ষ্ট্ৰʼক (মস্তিক আঘাত) হয়। বাইবেলত একবাৰে সঠিক পৰামৰ্শ দিয়া আছে, ‘ক্ৰোধ এৰা, কিয়নো ইয়াৰ পৰা কেৱল হানিহে হয়।’—গীতমালা ৩৭:৮.
খং পুহি ৰখাটোও বিপদজনক হয়। খং ঘাঁৰ দৰে হয়। যদি ইয়াৰ ওপৰত ধ্যান দিয়া নহয় আৰু বাঢ়িবলৈ দিয়া হয়, তেনেহʼলে এয়া এনে বেমাৰৰ দৰে হʼব যি কেতিয়াও ভাল নহয়। কেনেকৈ বাৰু? আপোনাৰ ব্যৱহাৰ হয়তো এনে হৈ যাব যে আপুনি প্ৰতিটো কথাতে ভুল উলিয়াব। ইয়াৰ বাবে আপোনাৰ জীৱন সংগীৰ জীয়াই থকাটো হয়তো কঠিন হৈ পৰিব আৰু আপোনাৰ বিবাহিত জীৱন ধ্বংস হৈ যাব পাৰে।
আপুনি কি কৰিব পাৰে?
নিজৰ জীৱন সংগীৰ ভাল গুণবোৰ চাবলৈ চেষ্টা কৰক। আপুনি নিজৰ সংগীৰ এনে তিনিটা গুণৰ বিষয়ে লিখক, যিবোৰ আপোনাক বহুত ভাল লাগে। তাৰ পাছত আকৌ যেতিয়া আপোনাক নিজৰ সংগীৰ ওপৰত খং উঠে, তেতিয়া সেই গুণবোৰৰ বিষয়ে চিন্তা কৰক। এইদৰে কৰিলে আপুনি নিজৰ খং নিয়ন্ত্ৰণ কৰিব পাৰিব।
পবিত্ৰ শাস্ত্ৰ বাইবেলৰ পৰা পৰামৰ্শ: “তোমালোক কিমান কৃতজ্ঞ সেয়া দেখুওৱা।”—কলচীয়া ৩:১৫.
ক্ষমা কৰিবলৈ সাজু থাকক। প্ৰথমতে বিষয়টো নিজৰ সংগীৰ দৃষ্টিৰে চাবলৈ চেষ্টা কৰক। এইদৰে কৰিলে আপুনি সহানুভূতি দেখুৱাব পাৰিব বা বাইবেলত কোৱাৰ দৰে “এজনে-আনজনৰ দুখ অনুভৱ” কৰিব পাৰিব। (১ পিতৰ ৩:৮) ইয়াৰ পাছত নিজকে সোধক, ‘মই খং কৰাৰ কাৰণটো ইমানেই ডাঙৰ হয় নে, যে মই মোৰ সংগীক ক্ষমা কৰিব নোৱাৰোঁ?’
পবিত্ৰ শাস্ত্ৰ বাইবেলৰ পৰা পৰামৰ্শ: ‘দোষ ক্ষমা কৰা বা আওকাণ কৰাটো এজন মানুহৰ ভাল গুণ হয়।’—হিতোপদেশ ১৯:১১.
মৰমেৰে আৰু ভাবি-চিন্তি নিজৰ মনৰ কথা কওক। কথা পতাৰ সময়ত “মই” আৰু “মোৰ” দৰে শব্দবোৰ ব্যৱহাৰ কৰক। উদাহৰণস্বৰূপে, আপুনি নিজৰ সংগীক এইদৰে নকʼব, “তুমি কʼত আছা তাৰ বিষয়ে মোক ফোন কৰি কেতিয়াও নজনোৱা, তুমি অলপো চিন্তাই নকৰা।” ইয়াৰ পৰিৱৰ্তে এইদৰে কʼলে বেছি ভাল হʼব, “যেতিয়া তোমাৰ দেৰি হয়, তেতিয়া মই বহুত চিন্তিত হৈ পৰোঁ আৰু মোৰ মনলৈ কিবা-কিবি চিন্তা আহিবলৈ ধৰে।” এইদৰে মৰমেৰে কথা পাতিলে আপুনি নিজৰ খং নিয়ন্ত্ৰণ কৰিব পাৰিব।
পবিত্ৰ শাস্ত্ৰ বাইবেলৰ পৰা পৰামৰ্শ: ‘তোমালোকে সদায় নম্ৰতাৰে কথা পতা উচিত।’—কলচীয়া ৪:৬.
ধ্যান দি শুনক। নিজৰ কথা কোৱাৰ পাছত নিজৰ সংগীক কʼবলৈ সুযোগ দিয়ক আৰু যেতিয়া তেওঁ নিজৰ কথা কৈ থাকে, তেতিয়া তেওঁক মাজতে নৰখাব। ইয়াৰ পাছত আপুনি তেওঁৰ কথা ভালদৰে বুজি পালে নে নাই, সেয়া জানিবলৈ তেওঁৰ কথাবোৰ নিজৰ শব্দেৰে কওক। আপুনি নিজৰ সংগীৰ কথা কেৱল শুনিয়েই বহু পৰিমাণে নিজৰ খং নিয়ন্ত্ৰণ কৰিব পাৰিব।
পবিত্ৰ শাস্ত্ৰ বাইবেলৰ পৰা পৰামৰ্শ: “প্ৰতিজনে শুনিবলৈ সদায় সাজু থাকক, কʼবলৈ খৰ-খেদা নকৰক।”—যাকোব ১:১৯.

