Skip to content

Skip to secondary menu

যিহোৱাৰ সাক্ষীসকল

অসমীয়া

হেল’ৱীনৰ আৰম্ভণি​—বাইবেলৰ দৃষ্টিভংগী কি?

হেল’ৱীনৰ আৰম্ভণি​—বাইবেলৰ দৃষ্টিভংগী কি?

পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে

বাইবেলত হেল’ৱীনৰ বিষয়ে কোনো বৰ্ণনা নাই। কিন্তু প্ৰাচীন সময়ৰ হেল’ৱীন আৰু বৰ্তমান সময়ত এই উৎসৱত পালন কৰা প্ৰথাবোৰে দেখুৱায় যে মৃতসকলৰ ওপৰত থকা অন্ধবিশ্বাস আৰু অদৃশ্য আত্মা অথবা আত্মিক প্ৰাণীৰ ওপৰত বিশ্বাস কৰি এই উৎসৱ পালন কৰা হয়।—“হেল’ৱীনৰ ইতিহাস আৰু প্ৰথা” চাওক।

বাইবেলে লোকসকলক এইদৰে সাৱধান কৰিছে: “ভূত পোহোঁতা, গুণী, মৰা মানুহৰ আত্মাৰ পৰামৰ্শ লওঁতা, এনে লোক তোমাৰ মাজত পোৱা যাব নালাগে।” (দ্বিতীয় বিবৰণ ১৮:১০-​১২) বহুতোলোকে ক’ব বিচাৰে যে হেল’ৱীন উৎসৱ পালন কৰিলে কোনো অপকাৰ নহয়, কিন্তু বাইবেলে স্পষ্টৰূপে তুলি ধৰে যে ইয়াৰ লগত জড়িত থকা কাৰ্য্যবোৰে অপকাৰ কৰে। ১ কৰিন্থীয়া ১০:২০ আৰু ২১ পদত বাইবেলে এইদৰে বৰ্ণনা কৰিছে: “তোমালোক যেন ভূত-পিশাচৰ সহভাগী হোৱা, মোৰ এনে ইচ্ছা নাই। তোমালোকে প্ৰভুৰ পান-পাত্ৰ আৰু ভূত-পিশাচৰ পান-পাত্ৰ, এই উভয়ত পান কৰিব নোৱাৰা।”

হেল’ৱীনৰ ইতিহাস আৰু প্ৰথা

  1. ১. চামহেইন্‌: দ্যা ৱৰ্ল্ড বুক এনচাইক্লোপিডিয়াই বৰ্ণনা কৰাৰ অনুসৰি “২,০০০ বছৰৰ আগতে চেল্টিক লোকসকলে পালন কৰা এই উৎসৱৰপৰা” হয়তো হেল’ৱীন আৰম্ভ হৈছে। এই কিতাপখনে আগলৈ এইদৰে কৈছে, “চেল্টিক লোকসকলে বিশ্বাস কৰিছিল যে এই সময়ছোৱাত জীৱিত লোকসকলৰ লগত মৃতসকলে অহা-যোৱা কৰিব। চামহেইন্‌ৰ সময়ছোৱাত জীৱিত লোকসকলে মৃতজনাক সাক্ষাৎ কৰিব পাৰিব।” কিন্তু পবিত্ৰ শাস্ত্ৰ বাইবেলে স্পষ্টভাৱে শিক্ষা দিয়ে যে “মৃত লোকবিলাকে একোকেই নাজানে।” (উপদেশক ৯:৫) গতিকে, আমি ক’ব পাৰোঁ যে মৃতসকলে জীৱিত লোকসকলৰ লগত কোনো যোগাযোগ কৰিব নোৱাৰে।

  2. ২. হেল’ৱীনৰ প্ৰথা, মিঠৈ, চতুৰালি বা উপহাৰ: হেল’ৱীন​—এন আমেৰিকান হ’লিডে, এন আমেৰিকান হিচ্‌টৰী নামৰ কিতাখনৰ অনুসৰি কিছুমান চেল্টিক লোকে পিশাচৰ দৰে সাজ-পাৰ পৰিধান কৰে, যাতে অঘৰী আত্মাই ভুলতে তেওঁলোকৰ মাজৰ এজনা হয় বুলি ভাৱে আৰু তেওঁলোকৰ ওচৰৰপৰা আঁতৰি যায়। আন লোকসকলে দুষ্ট আত্মাবিলাকক সন্তুষ্ট কৰিবলৈ মিঠাই আগবঢ়ায়। মধ্য ইউৰোপৰ কেথ’লিক যাজকসকলে স্থানীয় মিছা ধৰ্ম্মৰ কিছুমান প্ৰথা নিজৰ কৰি লৈছিল আৰু ইয়াৰ লগত জড়িত থকা সাজ-পাৰ পৰিধান কৰি ঘৰে ঘৰে গৈ উপহাৰ বিচাৰিবলৈ সদস্যসকলক কৈছিল। আনহাতে, সত্য উপাসনাত মিছা ধৰ্ম্মৰ প্ৰথাবোৰ জড়িত কৰাটো পবিত্ৰ শাস্ত্ৰ বাইবেলে কেতিয়াও অনুমতি নিদিয়ে।​—২ কৰিন্থীয়া ৬:​১৭.

  3. ৩. পিশাচ, ভূত, নিজকে শিয়াললৈ পৰিৱৰ্তন কৰা লোক, ডাইনী আৰু প্ৰেত: এই সকলোবিলাক দুষ্ট আত্মিক জগতৰ লগত জড়িত আছে। বাইবেলে স্পষ্টৰূপে বৰ্ণনা কৰিছে যে আমি দুষ্ট আত্মিক শক্তিবোৰক বিৰোধ কৰা উচিত। আমি এনে উৎসৱবোৰত অংশ লোৱা উচিত নহয়।​—ইফিচীয়া ৬:​১২.

  4. ৪. হেল’ৱীনৰ ৰঙালাউ বা মায়া-জুই: মধ্যযুগৰ সময়ছোৱাত ইংলেণ্ডত “প্ৰাৰ্থনাকাৰীসকলে ঘৰে ঘৰে গৈ মৃতসকলৰ বাবে প্ৰাৰ্থনা কৰাৰ বিনিময়ত আহাৰ বিচাৰে।” তেওঁলোকে “ওলকবিৰ খোলেৰে তৈয়াৰী এটা লেম্প লগত লৈ যায় আৰু এই লেম্পৰ অৰ্থ হৈছে নৰকত বন্দী হৈ থকা এটা আত্মা।” (হেল’ৱীন​—ফ্ৰম্‌ পেগেন্‌ ৰিচুৱেল্‌ টু পাৰ্টি নাইট্‌) আন কিছুমানে বিশ্বাস কৰে যে দুষ্ট আত্মাৰপৰা ৰক্ষা কৰিবলৈ এই লেম্পৰ ব্যৱহাৰ কৰা হয়। ১৮ শতিকাৰ সময়ছোৱাত উত্তৰ আমেৰিকাত ওলকবিৰ পৰিৱৰ্তে ৰঙালাউ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে। কিয়নো সেইসময়ত তাত ৰঙালাউ প্ৰচুৰ পৰিমাণে পোৱা গৈছিল আৰু ইয়াক খোল কৰি নক্সা বনাবলৈ সহজ হৈছিল। এই পৰম্পৰা পালন কৰাৰ আঁৰত হৈছে আত্মা জীয়াই থকা, প্ৰেতলোক আৰু মৃতসকলৰ বাবে প্ৰাৰ্থনা কৰা। এই সকলো বিশ্বাস বাইবেলৰ আধাৰত নহয়।​—যিহিষ্কেল ১৮:৪.

 

বেছিকৈ শিকক

বাইবেলে প্ৰকৃততে কি শিকায়?

আমি উৎসৱ পালন কৰা উচিতনে?

আপুনি বাস কৰা ঠাইৰ কিছুমান জনপ্ৰিয় বন্ধৰ দিনৰ আৰম্ভণি ক’ৰপৰা হ’ল? ইয়াৰ উত্তৰে হয়তো আপোনাক আচৰিত কৰি তুলিব।