অসমীয়া
ধৰ্ম্ম, ঈশ্বৰ অথবা বাইবেলে আপোনাক সন্তুষ্টি লাভ কৰিবলৈ সহায় কৰিব পাৰেনে?
https://cms-imgp.jw-cdn.org/img/p/502013206/univ/art/502013206_univ_sqr_xl.jpg
ijwbq প্ৰৱন্ধ ৪২

মই মোৰ জীৱনত সন্তুষ্টি লাভ কৰা নাই—ধৰ্ম্ম, ঈশ্বৰ অথবা বাইবেলে মোক সহায় কৰিব পাৰিবনে?

মই মোৰ জীৱনত সন্তুষ্টি লাভ কৰা নাই—ধৰ্ম্ম, ঈশ্বৰ অথবা বাইবেলে মোক সহায় কৰিব পাৰিবনে?

পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে

 নিশ্চয় পাৰিব! বাইবেল হৈছে এখন প্ৰজ্ঞাৰে ভৰা প্ৰাচীন শাস্ত্ৰ। এই শাস্ত্ৰখনে আপোনাক জীৱনৰ গুৰুত্বপূৰ্ণ প্ৰশ্নবোৰৰ উত্তৰ জানিবলৈ আৰু জীৱনত সন্তুষ্টি লাভ কৰিবলৈ সহায় কৰিব। এই শাস্ত্ৰখনে কিছুমান প্ৰশ্নৰ উত্তৰ কেনেকৈ দিছে তালৈ ধ্যান দিয়ক।

  1.  ১. এজন সৃষ্টিকৰ্ত্তা আছেনে? পবিত্ৰ শাস্ত্ৰ বাইবেলে বৰ্ণনা কৰিছে যে ঈশ্বৰেই জগতৰ সকলো ‘স্ৰজিলে।’ (প্ৰকাশিত বাক্য ৪:১১) আমি আনন্দিত হʼবলৈ কিহৰ প্ৰয়োজন আৰু জীৱনত কেনেকৈ সন্তুষ্টি লাভ কৰিব পাৰিম, তাৰ বিষয়ে আমাৰ সৃষ্টিকৰ্ত্তাই ভালদৰে জানে।

  2.  ২. ঈশ্বৰে মোৰ যত্ন লয়নে? ঈশ্বৰে মানৱজাতিৰপৰা বহু দূৰৈত আছে বুলি লোকসকলে বিশ্বাস কৰে, কিন্তু বাইবেলে এইদৰে বৰ্ণনা কৰিছে: “তেওঁ আমাৰ কাৰো পৰা দূৰ নহয়।” (পাঁচনিৰ কৰ্ম্ম ১৭:২৭) আপোনাৰ জীৱনত কি ঘটিছে, তাৰ প্ৰতি তেওঁ আগ্ৰহী আৰু জীৱনত সফলতা লাভ কৰিবলৈ তেওঁ আপোনাক সহায় কৰিব বিচাৰে।—যিচয়া ৪৮:১৭, ১৮; ১ পিতৰ ৫:৭.

  3.  ৩. সন্তুষ্টি লাভ কৰিবলৈ ঈশ্বৰে মোক সহায় কৰিছে বুলি মই কেনেকৈ জানিব পাৰিম? ঈশ্বৰৰ বাক্যই আমাক ‘আত্মাত দৰিদ্ৰ’ হʼবলৈ উদ্‌গনি দিছে। ইয়াৰ অৰ্থ হৈছে ঈশ্বৰে আমাক আধ্যাত্মিক প্ৰয়োজনীয়তাৰে সৃষ্টি কৰিছে। এই প্ৰয়োজনীয়তাই আমাক জীৱনৰ অৰ্থ আৰু উদ্দেশ্য জানিবলৈ প্ৰেৰণা দিয়ে। (মথি ৫:৩) আধ্যাত্মিক প্ৰয়োজনীয়তাত জড়িত আছে আমাৰ সৃষ্টিকৰ্ত্তাৰ বিষয়ে জনা আৰু তেওঁৰ লগত ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তোলা। তেওঁৰ বিষয়ে জানিবলৈ আপুনি যি প্ৰচেষ্টা চলাইছে, তাক ঈশ্বৰে মূল্যাংকন কৰে। বাইবেলে এইদৰে বৰ্ণনা কৰে: “ঈশ্বৰৰ ওচৰলৈ চাপি আহাঁ; তাতে তেৱোঁ তোমালোকৰ ওচৰলৈ চাপিব।”—যাকোব ৪:৮.

 লাখ লাখ লোকে আজি ঈশ্বৰৰ লগত বন্ধুত্ব কৰি জীৱনত সন্তুষ্টি লাভ কৰিবলৈ সক্ষম হৈছে। ঈশ্বৰক জনাৰ বাবে আপোনাৰ জীৱনত কোনো সমস্যা নাথাকিব এনে নহয়, কিন্তু বাইবেলত থকা তেওঁৰ প্ৰজ্ঞাই আপোনাক . . .

 বহুতোলোকে বাইবেলখন ব্যৱহাৰ কৰে, কিন্তু ইয়াৰ শিক্ষাবোৰ প্ৰকৃততে পালন নকৰে। আনহাতে, সত্য ধৰ্ম্মৰ লোকসকলে বাইবেলৰ শিক্ষাবোৰ পালন কৰে আৰু তাৰদ্বাৰা তেওঁলোকে ঈশ্বৰৰ বিষয়ে জানিবলৈ আপোনাক সহায় কৰিব।