পবিত্ৰ শাস্ত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ

ঈশ্বৰৰ নাম যীচু হয় নেকি?

অসমীয়া
ঈশ্বৰৰ নাম যীচু হয় নেকি?
https://cms-imgp.jw-cdn.org/img/p/502012490/univ/art/502012490_univ_sqr_xl.jpg
ijwbq প্ৰৱন্ধ ১০

ঈশ্বৰৰ নাম যীচু হয় নেকি?

ঈশ্বৰৰ নাম যীচু হয় নেকি?

পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে

 যীচুৱে নিজকে “মই ঈশ্বৰৰ পুত্ৰ” বা “ঈশ্বৰৰ পুত্ৰ” বুলি উল্লেখ কৰিছিল। (যোহন ১০:৩৬; ১১:৪) তেওঁ কেতিয়াও সৰ্ব্বশক্তিমান ঈশ্বৰ বুলি পৰিচয় দিয়া নাছিল।

 ইয়াৰ উপৰিও, যীচুৱে সৰ্ব্বশক্তিমান ঈশ্বৰক প্ৰাৰ্থনা কৰিছিল। (মথি ২৬:৩৯) তেওঁ নিজৰ শিষ্যসকলক কেনেকৈ প্ৰাৰ্থনা কৰা উচিত, তাৰ বিষয়ে শিকাওঁতে এইদৰে কৈছিল: “হে আমাৰ স্বৰ্গত থকা পিতৃ, তোমাৰ নাম পুজনীয় হওক।”—মথি ৬:৯.

 যীচুৱে এটা প্ৰাচীন শাস্ত্ৰপদৰ উদ্ধৃতি দিয়াৰ সময়ত ঈশ্বৰৰ নামটো প্ৰকাশ কৰি এইদৰে কৈছিল: “হে ইস্ৰায়েল, শুনা; প্ৰভুৱেই [যিহোৱা, NW] আমাৰ ঈশ্বৰ, প্ৰভু [যিহোৱা, NW] এজনা।”—মাৰ্ক ১২:২৯, ৩০; দ্বিতীয় বিবৰণ ৬:৪.